ডিঙিত মাছৰ কাঁইট লাগিলে কৰক এইকেইটা কাম

0
1590
মাছ সকলোৰে এবিধ প্ৰিয় আমিষ খাদ্য৷ শুদা ভাত হ’লেও লগত যদি এপিচ ভজা মাছ থাকে, ভাতকেইটা তৃপ্তিৰে খাব পাৰি৷ কিন্তু ইয়াৰ এটাই সমস্যা হৈছে যে ইয়াৰ কাঁইট৷ কেতিয়াবা লৰালৰিকৈ ভাত খোৱাৰ ফলত বা কেতিয়াবা অজানিতে মাছৰ কাঁইট ডিঙিত বজি ৰোৱাৰ সমস্যা সন্মুখীন হ’বলগীয়া হয়৷ এনে পৰিস্থিতিত বিচলিত নহৈ এইকেইটা কাম কৰিলে নিশ্চয় সুফল লাভ কৰিব পাৰিব৷

(১) সাধাৰণতে মাছৰ কাঁইট লাগি ধৰিলে শুকান ভাত নোচোবোৱাকৈ গিলি দিয়াৰ পৰামৰ্শ দিয়া হয়৷ ইয়াৰ উপৰি পকা কল নাইবা ৰুটী আদিৰ দৰে গোটা খাদ্য নোচোবোৱাকৈ গিলি দিলে মাছৰ কাঁইট খাদ্য বস্তুৰ লগত তললৈ নামি যায়৷


(২) আৰু এটা সহজ উপায় হৈছে নিমখ৷ অলপ গৰম পানীত নিমখ মিশ্ৰণ কৰি খালে কাঁইট কোমল হৈ পিছলি যায়৷

ASMR:Eating Spicy Fish curry+pomfret fish fry+tigerprawns+Egg+Begun Vorta+onion with Rice - YouTube


(৩) নেমু এচকলা চোৱাই খালেও সুফল পোৱা যায়৷ কিয়নো মাছৰ কাঁইট কেলচিয়ামেৰে গঠিত আৰু নেমুত Ascorbic Acid থাকে৷ এই Ascorbic-এ কেলচিয়াম গলোৱাত সহায় কৰে৷


(8) অন্য তেলৰ তুলনাত অলিভ অইল অধিক পিছল হয়৷ সেয়েহে অলিভ অইলে মাছৰ কাঁইট পিছলি যোৱাত সহায় কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here