ডায়েবেটিছ ৰোগীৰ বাবে বিশেষ চাহকাপ কিদৰে প্ৰস্তুত কৰিব?

0
2074

ভাৰতীয় ৰান্ধনীঘৰ হ’ল বিভিন্ন মছলাৰ ভাণ্ডাৰেৰে সমৃদ্ধ৷ এইবোৰ মছলাই খোৱাবস্তুৰ সোৱাদ বঢ়োৱাৰ লগতে বিভিন্ন ৰোগ নিৰাময়ত উপকাৰী৷ কিছুমান মছলা আছে যিবোৰ প্ৰতিদিনে ৰন্ধন প্ৰণালীত সকলো সময়তে ব্যৱহাৰ হয় আকৌ আন কিছুমান মছলা আছে, যিবোৰ কেৱল নিৰ্দিষ্ট খাদ্যতহে ব্যৱহাৰ কৰা হয়৷ তাৰ ভিতৰত এবিধ হ’ল ইলাচি৷ ঘৰত বিভিন্ন ৰকমৰ মিঠাই, পায়স, বিৰিয়ানি আদি বনোৱাত ইলাচি সাধাৰণতে ব্যৱহাৰ কৰা হয়৷ খাদ্যৰ সোৱাদ আৰু গোন্ধ বঢ়োৱা ইলাচিৰ অন্যতম কাম৷ কিন্তু আপুনি জানেনে? ৰন্ধন প্ৰকৰণৰ উপৰিও ইলাচিয়ে আপোনাৰ শাৰীৰিক সমস্যা দূৰ কৰি ৰাখে৷ প্ৰতিদিনে ইলাচি খোৱাৰ ফলত নানাৰকমৰ সমস্যাৰ সমাধান পাব পাৰি, বিশেষকৈ ডায়েবেটিছ ৰোগীৰ বাবে ইলাচি যথেষ্ট উপকাৰী৷ ডায়েবেটিছৰ প্ৰতিৰোধত ইলাচিৰ চাহে সহায় কৰিব পাৰে৷ গৱেষণাৰ কৰি পোৱা মতে, ইলাচিত থকা এণ্টিঅক্সিডেণ্ট, এণ্টি ইনফ্লেমেটৰি হাইপোলিপিডেমিক উপাদানসমূহে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷ 

এই চাহ কিদৰে প্ৰস্তুত কৰা হয় জানো আহক–

(১) একাপ পানীত দুটা ইলাচি পিচি দি গৰম হ’বলৈ দিব লাগে৷ তাৰ পাছত তাত চাহপাত আৰু গাখীৰ মিহলাই উতলাই লওক৷ পাৰিলে আদা অকণ দি ল’ব লাগে৷ প্ৰস্তুত হোৱা চাহকাপ ডায়েবেটিছ ৰোগীৰ কাৰণে উত্তম৷

(২) আনহাতে একাপ চাহৰ বাবে দুকাপ গৰম পানীৰ লগত দুটা ইলাচি, দুটা লং, দুটা জালুক আৰু অলপ চেনি মিহলাই গৰম কৰিব৷ তাৰ পাছত তাত আধা কাপ গাখীৰ মিহলাই গৰম কৰিলে চাহ প্ৰস্তুত হ’ব৷ এইধৰণৰ চাহে গেষ্ট্ৰিকৰ সমস্যা প্ৰতিৰোধ কৰাত সহায় কৰে৷ হজম প্ৰক্ৰিয়া সক্ৰিয় কৰি ৰাখে আৰু বদহজম দূৰ কৰে৷ ডায়েবেটিছ ৰোগীৰ বাবে এইকাপ চাহ অতি উত্তম৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here