ডালিমৰ বাকলিৰ পাউডাৰ ক’ত আৰু কেনেকৈ ব্যৱহাৰ কৰিব ? Where and how to use powder made from pomegranate peel ?

0
305
সকলো ফলমূলৰ ফলটো খাই বাকলিটো পেলাই দিয়াটো প্ৰত্যেক মানুহৰে অভ্যাস৷ ডালিমো তাৰ ব্যতিক্ৰম নহয়৷ আমিও ডালিমৰ ফলটো খাই বাকলিটো পেলাই দিওঁ৷ কিন্তু আপোনাৰ ছালৰ বিভিন্ন সমস্যাত ডালিমৰ বাকলিৰ আশ্চৰ্যজনক ব্যৱহাৰৰ কথা জানিলে আপুনিও হয়তো আজিৰ পৰা ডালিমৰ বাকলি পেলাই দিবলৈ ইচ্ছা নকৰিব৷ ডালিমৰ বাকলিৰ পৰা প্ৰস্তুত কৰা পাউডাৰে ছালৰ বিভিন্ন সমস্যা নিৰাময় কৰিব পাৰে৷

(১) একনী, পিম্পলছ আদি কমাবলৈ ডালিমৰ বাকলি লগাব পাৰে৷ ইয়াৰ বাবে ডালিমৰ বাকলিৰ পাউডাৰৰ লগত অলপ নেমুৰ ৰস বা গোলাপ জল মিশ্ৰণ কৰি লগাব লাগে৷


(২) মুখত পৰা বয়সৰ চাপ, বলিৰেখা দূৰ কৰিবলৈ ডালিমৰ বাকলিৰ পাউডাৰৰ লগত গাখীৰ মিশ্ৰণ কৰি লগালে সুফল লাভ কৰিব পাৰি৷

Pomegranate Peel Ground Into Powder Mixed Stock Photo (Edit Now) 547531609


(৩) একেদৰে স্ক্ৰাব হিচাপে ব্যৱহাৰ কৰিবলৈও ডালিমৰ বাকলিৰ পাউডাৰৰ লগত ব্ৰাউন ছুগাৰ, মৌ আৰু আপোনাৰ পচন্দৰ যিকোনো তেল মিশ্ৰণ কৰি লগাব পাৰে৷


(8) ডালিমৰ বাকলিৰ পাউডাৰৰ লগত দৈ মিশ্ৰণ কৰি মুখত লগালে ই প্ৰাকৃতিকভাৱে মইশ্বৰাইজাৰৰ কাম কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here