ডালচেনিৰ চাহৰ সোৱাদ লৈ পাইছেনে?

0
980

সকলো মানুহৰে দিনটোৰ আৰম্ভণি একাপ চাহেৰে নকৰিলে যেন নহয়৷ পানীৰ পাছতে চাহ হৈছে বিশ্বৰ আটাইতকৈ সেৱন কৰা পানীয়৷ এই সুগন্ধিযুক্ত আৰু সোৱাদবিশিষ্ট পানীয়বিধে ৰাতিপুৱা টোপনি ভঙাত আৰু শৰীৰ-মন সক্ৰিয় কৰি তোলাত বিশেষ ভূমিকা গ্ৰহণ কৰে৷ বহুতেই চাহৰ সোৱাদ তথা ইয়াৰ গুণ বৃদ্ধি কৰিবলৈকে আদা, তুলসী আদি মিশ্ৰণ কৰি খায়৷ তেনে এবিধ ঔষধি গুণবিশিষ্ট সামগ্ৰী হৈছে ডালচেনি, যাক চাহৰ লগত মিশ্ৰণ কৰি খালে বহুতো উপকাৰ লাভ কৰিব পাৰি৷ ডালচেনিৰ চাহত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে আপোনাৰ শৰীৰৰ শক্তি ধৰি ৰাখিব পাৰে৷

ডালচেনি চাহৰ আৰু কি কি উপকাৰিতা আছে, জানো আহক–

(১) ডালচেনি চাহৰ সেৱনে চৰ্দি, কাহ নিৰাময় কৰে৷
(২) মুখৰ দুৰ্গন্ধ আঁতৰ কৰাত ডালচেনিৰ চাহে সহায় কৰে৷
(৩) ডালচেনিয়ে ইনছুলিনৰ দৰে কাম কৰে, যাৰ জৰিয়তে তেজৰ শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে৷
(৪) উচ্ছ ৰক্তচাপৰ সম্ভাৱনা কম কৰাৰ লগতে হৃদৰোগৰ সম্ভাৱনা দূৰ কৰে৷
(৫) শৰীৰৰ যিকোনো অংশৰ বিষ দূৰ কৰাত ডালচেনিৰ চাহ উপকাৰী৷
(৬) স্মৃতিশক্তি বৃদ্ধিত ডালচেনিৰ চাহে অৰিহণা যোগায়৷
(৭) গেছ, বদহজমৰ সমস্যা দূৰ কৰে৷
(৮) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷
(৯) ডালচেনিত থকা এণ্টিঅক্সিডেণ্টে ছাল উজ্জ্বল কৰাৰ লগতে ছালৰ কেঞ্চাৰ নিৰাময় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here