ডাবল মিউটেণ্টৰ বাবেই ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ

0
1080

মহাৰাষ্ট্ৰত সংহাৰ ৰূপ ধাৰণ কৰা কভিডৰ ডাবল মিউটেণ্ট ষ্ট্ৰেইন অসমত ধৰা পৰাৰ পাছতেই ৰাজ্যখনত কৰ’নাই  জটিল ৰূপ ধাৰণ কৰিছে৷ প্ৰতিদিনেই ৰাজ্যখনত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ যোৱা ১২ এপ্ৰিলৰ দিনটোত অসমত কৰ’নাত আক্ৰান্ত হোৱা মুঠ ৫৮৩জন লোককে ধৰি ৰাজ্যখনত সেইদিনা কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা লোকৰ সংখ্যা আছিল ২৩৮৭৷ আনহাতে সংক্ৰমণৰ হাৰ আছিল মাত্ৰ ০.৫৭ শতাংশ৷ কিন্তু দহ দিনৰ ভিতৰতে ৰাজ্যখনৰ পৰিৱেশ সলনি হৈ পৰিছে৷ যোৱা ২৩ এপ্ৰিলত ৰাজ্যখনত কৰ’নাত আক্ৰান্ত হৈছে মুঠ ২৩৮৪ লোক৷ ইয়াকে ধৰি যোৱা ২৩ এপ্ৰিলত চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা বৃদ্ধি পাই হয়গৈ ১২,৫৯৫৷ আনহাতে যোৱা ২৩ এপ্ৰিলত মৃত্যু ঘটিছে ১২জনকৈ লোকৰ৷ ডাবল মিউটেণ্ট ষ্ট্ৰেইনৰ বাবেই ৰাজ্যখনত এনেদৰে কৰ’নাৰ সংক্ৰমণ দ্ৰুত হোৱা বুলি সন্দেহ কৰা হৈছে৷ ২১ এপ্ৰিলত জিলাখনত ৬৭জন লোক এই মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ বিপৰীতে ২২ এপ্ৰিলত আক্ৰান্ত হৈছে ১৪৩ লোক৷ ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে কিদৰে দ্ৰুতগতিত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা৷ ডাবল মিউটেণ্ট ষ্ট্ৰেইন ৰাজ্যৰ কোন কোন জিলাত কিদৰে শিপাইছে, সেই সন্দৰ্ভত অধ্যয়ন চলি আছে৷ আনহাতে ডাবল মিউটেণ্ট ষ্ট্ৰেইনক লৈ আতংকৰ সৃষ্টি হোৱাৰ সময়তে পশ্চিম বংগত ধৰা পৰিছে কভিডৰ ট্ৰিপ্‌ল মিউটেণ্ট ষ্ট্ৰেইন৷ অসমত এতিয়ালৈকে ট্ৰিপ্‌ল মিউটেণ্ট ষ্ট্ৰেইনৰ অৱস্থিতি ধৰা পৰা নাই যদিও যি গতিত পশ্চিম বংগৰ পৰা অসমলৈ প্ৰতিদিনেই সহস্ৰাধিক লোকৰ আগমন ঘটি আছে, তাৰ পৰা অতি শীঘ্ৰেই অসমত এই মাৰাত্মক ট্ৰিপল মিউটেণ্ট ষ্ট্ৰেইনো আহি পোৱাৰ সম্ভাৱনা আছে৷ এনে পৰিস্থিতিত অনাগত দিনত ৰাজ্যত কৰ’নাই ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰাৰ সম্ভাৱনা লাহে লাহে প্ৰকট হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here