ডাঃ সুভাষ খান্নাৰ চমৎকাৰিতা : ৰবটৰ জৰিয়তে অস্ত্ৰোপচাৰ

0
2048
Robotic surgery unit launched in Guwahati hospital
বৰ্তমান তথ্য-প্ৰযুক্তিৰ যুগত চিকিৎসা বিজ্ঞানত নিতৌ ন-ন কৌশল অৱলম্বন কৰি অহা হৈছে৷ চিকিৎসা ব্যৱস্থাত আজি ৰবটিক পদ্ধতিৰে নানাধৰণৰ অস্ত্ৰোপচাৰ সম্পন্ন হ’বলৈ ধৰিছে৷ যোৱা ১১ জুনত তেনে এটা চমৎকাৰী অস্ত্ৰোপচাৰ সম্পন্ন হ’ল ৰাজ্যত৷ মহানগৰস্থিত স্বাগত হাস্পতালত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে থকা প্ৰথমটো ভাৰ্চিয়াছ ৰবটৰ জৰিয়তে এগৰাকী মহিলাৰ গ’ল্ড ব্লাডাৰৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন হয়৷ ৰবটৰ জৰিয়তে এনেদৰে সফল অস্ত্ৰোপচাৰ এতিয়া দেশতে নহয়, সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে বিশেষজ্ঞ শল্য চিকিৎসক সুভাষ খান্নাই৷ সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পাছত ডাঃ সুভাষ খান্নাৰ প্ৰশংসাত পঞ্চমুখ চিকিৎসা মহল৷ উক্ত ‘লাইভ অস্ত্ৰোপচাৰ’টো প্ৰত্যক্ষ কৰাৰ পাছত আমেৰিকা, স্পেইন, ৰাছিয়াকে ধৰি বিশ্বৰ ৬০খন দেশৰ ২৫০জন চিকিৎসকৰ পৰা উচ্ছ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয় ডাঃ সুভাষ খান্না৷ উল্লেখ্য যে গুৱাহাটীৰ স্বাগত হাস্পতালে ২০২০ চনতে উক্ত ৰবট ক্ৰয় কৰিছে৷ এই ৰবটৰ জৰিয়তে বৰ্তমানলৈকে ১১২টা অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰা হৈছে৷ এই ৰবটটোৰ জৰিয়তে ৩ ৰপৰা ১০ মিটাৰ দূৰত্বলৈ অস্ত্ৰোপচাৰ কৰিব পাৰি৷ সমগ্ৰ দেশতে এনে ৰবট ১২টা আছে৷ ইয়াৰে তৃতীয়টো ৰবট গুৱাহাটীৰ স্বাগত হাস্পতালত আছে বুলিও জনায় ডাঃ সুভাষ খান্নাই৷ তেখেতে লগতে কয় যে এই ৰবটটো কেম্‌ব্ৰীজ মেডিকেল ৰবটিক্স কোম্পানীৰ পৰা ক্ৰয় কৰিছিল আৰু ইয়াৰ মূল্য ২০ কোটি টকা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here