ডব্লিউ এইচ অ’ৰ ঘোষণা –

0
2558


৯২খন দুখীয়া দেশৰ বাবে কভিড ভেকচিনৰ বীমা আঁচনি
কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ প্ৰতিকাৰৰ হেতু ভেকচিন উদ্ভাৱনৰ বাবে সমগ্ৰ বিশ্বৰ বিজ্ঞানীমহলে চেষ্টা অব্যাহত ৰাখিছে৷ ভিন ভিন দেশৰ গৱেষণাগাৰত কভিড ভেকচিন পৰীক্ষা তৃতীয় পৰ্যায়লৈকে সম্পন্ন হৈছে৷ বৰ্তমান এই ভেকচিন উপলব্ধ হোৱালৈ সকলোৱে আশাৰে বাট চাই আছে৷ কভিড সংক্ৰমণৰ সংকটকালত ডব্লিউ এইচ অ’-এ বিশ্ববাসীৰ বাবে বিভিন্ন গঠনমূলক পদক্ষেপ গ্ৰহণ কৰিছে৷ ইয়াৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাই ভেকচিন-সম্পৰ্কীয় এক আঁচনি ঘোষণা কৰিছে৷ বিশ্বৰ নিম্ন আয়ৰ ৯২খন দেশৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ‘ডব্লিউ এইচ অ’-এ কভিড-১৯-অৰ ভেকচিন বীমা আঁচনি ‘কভিড ভেকচিন ইঞ্চুৰেন্স স্কিম’ প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰে৷ কভিড ভেকচিন লোৱাৰ পাছত পাশ্বৰ্ক্ৰিয়াৰ সম্ভাৱনা থকা–বিশেষকৈ দুখীয়া দেশবোৰৰ লোকসকলৰ বাবে–ডব্লিউ এইচ অ’-এ এটা ক্ষতিপূৰণ পঁুজি স্থাপন কৰিব৷ এটা দশকৰ আগতে হোৱা H1N1 ছোৱাইন ফ্লু মহামাৰী হোৱাৰ সময়ত হোৱা বিলম্বৰ যাতে পুনৰাবৃত্তি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি সংস্থাটোৱে এনেদৰে পুঁজি স্থাপনৰ কথা চিন্তা কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here