ঠাণ্ডাত গাৰ ছাল শোতোৰা পৰা কেনেদৰে নোহোৱা কৰিব?

0
1279

ঠাণ্ডাৰ দিনত গাৰ ছাল শোতোৰা পৰাটো কোনো নতুন কথা নহয়৷ কিন্তু গাৰ ছাল শোতোৰা পৰিলে দেহৰ সৌন্দৰ্যত আঘাত লগাৰ লেখীয়া হয়৷ সাধাৰণতে বৃদ্ধাৱস্থাত গাৰ ছাল শোতোৰা পৰা দেখা যায় যদিও দেহত ভিটামিন-ডিৰ অভাৱ হ’লে যিকোনো বয়সতে গাৰ ছাল শোতোৰা পৰিব পাৰে৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ–
(১) কমলা টেঙাৰ ৰস দৈনিক নিয়মীয়াকৈ খাব লাগে৷
(২) কেঁচা হালধি খুন্দি ইয়াৰ ৰস খোৱাৰ লগতে গাত ঘঁহিব লাগে৷
(৩) পকা আমৰ ৰস গাখীৰৰ লগত খাব লাগে৷
(৪) জেতুকা পাতৰ ৰস সানিব লাগে৷
(৫) আমলখিৰ ৰস ব্যৱহাৰ কৰিলেও গাৰ ছাল নিমজ হয়৷
(৬) ঠাণ্ডাৰ দিনত যথেষ্ট পৰিমাণে পানী খাব লাগে৷
(৭) গা শুকান হ’বলৈ দিব নালাগে, ক্ৰিমজাতীয় বস্তু গাত সানিব লাগে৷
(৮) ছালত বেছিকৈ বতাহ লগাব নালাগে৷
(৮) নেমু টেঙাৰ ৰস খাব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here