ঝাৰখণ্ডত পুনৰ লকডাউন

0
1889

কেৱল কিছুসংখ্যক কেন্দ্ৰীয় আৰু ৰাজ্যিক খণ্ডৰ বেচৰকাৰী কাৰ্যালয়সমূহ খোলা থাকিব৷ কিন্তু লকডাউনৰ এই সময়ছোৱাত খনন কাৰ্য, কৃষি আৰু নিৰ্মাণকাৰ্য চলি থাকিব বুলি তেওঁ মত পোষণ কৰে৷

এইবাৰ ঝাৰখণ্ডেও অনুসৰণ কৰিছে দিল্লীক৷ বৰ্তমান কভিড-১৯ৰ দ্বিতীয়টো ঢৌৱে বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিছে সমগ্ৰ পৃথিৱীক৷ ইয়াৰ পৰা সাৰি যাব পৰা নাই ভাৰতো৷ দেশৰ কিছু ৰাজ্যৰ লগতে ঝাৰখণ্ডত কৰ’না সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ২২ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিললৈ সমগ্ৰ ৰাজ্যখনত লকডাউন ঘোষণা কৰিছে৷ এই এসপ্তাহৰ লকডাউনক স্বাস্থ্য সুৰক্ষা সপ্তাহ হিচাপে ঘোষণা কৰা হৈছে৷ ইয়াৰ আগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত চুৰেনে কভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সকলো শিক্ষানুষ্ঠান বন্ধ কৰাৰ লগতে পৰীক্ষাসমূহ স্থগিত ৰখাৰ কথা ঘোষণা কৰিছিল৷ কিন্তু শেহতীয়াকৈ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত চিন্তা ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ ৰাজ্যখনতে লকডাউন ঘোষণা কৰিছে৷ এই সময়ছোৱাত কেৱল জৰুৰীকালীনভাৱে ব্যৱহৃত সামগ্ৰীসমূহ উপলব্ধ থাকিব৷ কেৱল কিছুসংখ্যক কেন্দ্ৰীয় আৰু ৰাজ্যিক খণ্ডৰ বেচৰকাৰী কাৰ্যালয়সমূহ খোলা থাকিব৷ কিন্তু লকডাউনৰ এই সময়ছোৱাত খনন কাৰ্য, কৃষি আৰু নিৰ্মাণকাৰ্য চলি থাকিব বুলি তেওঁ মত পোষণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here