জুনত শেষ হ’ব কৰ’নাৰ দ্বিতীয় ঢৌ

0
2538

২০ জুনৰ পাছত বা মাহটোৰ অন্তিম সপ্তাহত সমগ্ৰ দেশতে সংক্ৰমণৰ হাৰ হ্ৰাস পাব

ভাৰতত কৰ’নাৰ দ্বিতীয়টো ঢৌ অহা মাহৰ ভিতৰত অৰ্থাৎ জুনত অন্ত পৰিব৷– এই কথা প্ৰকাশ কৰিছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ বিশেষজ্ঞসকলে৷ তেওঁলোকৰ মতে অহা মাহৰ ভিতৰত কৰ’নাত নতুনকৈ সংক্ৰমণ হোৱা লোকৰ সংখ্যা সম্পূৰ্ণৰূপে হ্ৰাস পাব৷ তেওঁলোকে কয় যে ২০ জুনৰ পাছত বা মাহটোৰ অন্তিম সপ্তাহত সমগ্ৰ দেশতে সংক্ৰমণৰ হাৰ হ্ৰাস পাব৷ ইয়াৰ লগতে তেওঁলোকে এইবুলিও কয় যে ভাৰতত এনেকুৱা প্ৰণালীৰ বিকাশ কৰা হৈছে, যাৰ সহায়ত কৰ’না ভাইৰাছকে ধৰি যিকোনো সংক্ৰমণৰ বিষয়ে আগতীয়াকৈ তথ্য লাভ কৰিব পৰা যাব৷ তেওঁলোকে লগতে কয় যে কৰ’নাৰ তৃতীয় তথা চতুৰ্থ ঢৌৰ প্ৰতিও এতিয়াৰ পৰা সতৰ্ক হৈছে৷ উল্লেখ্য যে যোৱা ২৮ মে’ত দেশত ২,১১,২৯৮জন লোক নতুনকৈ এই ৰোগত আক্ৰান্ত হয়৷ আনহাতে কৰ’নাৰ সংক্ৰমণ হৈ দেশত  মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ৩৮৪৭জন৷ যোৱা ২৮ মে’ত ২,৮২,৯২৪জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় যে দেশত যোৱা ২০ দিনত সংক্ৰমণৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে৷ মন্ত্ৰ্যালয়ে লগতে কয় যে দেশৰ ২৬খন ৰাজ্যত নতুনকৈ সংক্ৰমণ হোৱা লোকৰ সংখ্যাৰ তুলনাত আৰোগ্য লাভৰ সংখ্যা অধিক হৈছে৷ ইয়াৰ ভিতৰত অসমো আছে৷ অৱশ্যে যোৱা দুদিনত সংক্ৰমণ হোৱা লোকৰ সংখ্যা সামান্য বৃদ্ধি পোৱাত মন্ত্ৰ্যালয়ে চিন্তা প্ৰকাশ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here