জীৱনত সুখী হ’বলৈ এইবোৰ অভ্যাস বাদ দিয়ক (Give up these toxic habits to be happy)

0
341
Toxic Habit- সহজ অৰ্থত যিবোৰ অভ্যাসে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য দুয়োটাকে নষ্ট কৰে৷ দৈনন্দিন জীৱনত আমি এনেধৰণৰ অভ্যাসসমূহ প্ৰায় কৰিয়েই থাকোঁ আৰু ফলস্বৰূপে ই দিনক দিনে আমাক জীৱনৰ কৰাল গ্ৰাসলৈ ঠেলি দিছে৷ সেয়েহে আজি আমি আপোনালোকক ক’ব বিচাৰিছোঁ এনে কিছুমান বিষাক্ত অভ্যাস, যাক আপোনালোকে গম নোপোৱাকৈ দৈনিক কৰি আছে৷ গতিকে জীৱনৰ উচ্চতম শিখৰলৈ আগবাঢ়িবলৈ হ’লে এনেবোৰ অভ্যাস আজিয়েই ত্যাগ কৰক৷

(১) প্ৰথমটোৱে হৈছে এলাহ৷ এই এলাহ ভাবটোৱে আমাৰ জীৱনত নেতিবাচক প্ৰভাৱ পেলায়৷ বিশেষকৈ যেতিয়া আপোনাৰ অত্যন্ত জৰুৰী কাম থাকে নাইবা সময়ত কোনোবা ঠাই গৈ পাব লাগে অথবা শিক্ষাৰ্থীৰ পঢ়া-শুনা আদিত যদি আমি হ’ব হ’ব বুলি ৰৈ থাকোঁ, তেন্তে কেতিয়াও ই আমাক জীৱনত আগবাঢ়িব নিদিব৷

SCIplanet - Tips to Beat Procrastination


(২) দ্বিতীয়টো হৈছে পৰচৰ্চা বা আনৰ সমালোচনা৷ পৰচৰ্চা সদায় মিছাৰ আলম লৈ আলোচনা কৰা হয়৷ ফলস্বৰূপে ই আপোনাৰ মন-মগজুত নেতিবাচক প্ৰভাৱ পেলায়৷ ইয়াৰ দ্বাৰা আপোনাৰ কোনো লাভ নহয়, বৰং ইয়াৰ দ্বাৰা আপোনাৰ সময় নষ্ট হোৱাৰ লগতে ব্যক্তিত্বতো আঘাত হানে৷ সেয়েহে আগলৈ যদি কোনোবা আপোনাৰ ওচৰলৈ পৰচৰ্চা কৰিবলৈ আহে, তেন্তে আপুনি বিষয়টো সলনি কৰি কিছুমান গঠনমূলক বিষয় লৈ আলোচনা কৰিব পাৰে৷

The science of gossip: four ways to make it less toxic


(৩) পানী নোখোৱাটো বা পানী খাবলৈ পাহৰি যোৱাটো এটা বিষাক্ত অভ্যাস, যিয়ে আপোনাৰ শৰীৰৰ যথেষ্ট ক্ষতি কৰে৷

Here are some of the best times to drink water | The Times of India


(8) আপুনি যদি অনৱৰত নিজক লৈ বেয়া চিন্তা কৰি থাকে যে আপোনাৰ দ্বাৰা একো নহ’ব, তেন্তে এনেধৰণৰ চিন্তা-ভাবনাবোৰে জীৱনত কেতিয়াও আপোনাক আগবাঢ়িবলৈ নিদিব৷ এনেধৰণৰ অভ্যাস বেছিভাগ মানুহৰ তাত দেখা যায়৷ সেয়েহে পুৱা শুই উঠিয়েই নিজক দৃঢ় কৰি ইতিবাচকভাৱে ক’বলৈ আৰম্ভ কৰক যে ‘মই সাহসী’, ‘মই স্মাৰ্ট’, ‘মই নিজকে বহু ভাল পাওঁ’, ‘মই যি পাইছোঁ তাৰ বাবে মই চিৰকৃতজ্ঞ’, ‘মই নিজকে বিশ্বাস কৰোঁ’ ৷ এনেধৰণৰ কথাবোৰ দৈনিক আওৰালে ই আপোনাক ভিতৰৰ পৰা উৎসাহ যোগাই জীৱনৰ সফল বাটত আগবাঢ়িবলৈ সহায় কৰিব পাৰে৷

50 Day Self Love Affirmation Sticky Notes vol. 1 — .


(৫) পৰ্যাপ্ত টোপনি নোযোৱাটো শৰীৰৰ বাবে ক্ষতিকাৰক৷ সেয়েহে সময়মতে টোপনি গৈ শৰীৰ তথা মন-মগজু শান্ত কৰি ৰাখিব লাগে৷

lung problems: Before you doze off: Sleeping more than 11 hours or less than 4 hours can cause incurable lung disease - The Economic Times

LEAVE A REPLY

Please enter your comment!
Please enter your name here