আজিকালি সকলোৱে ওজন কমাই শৰীৰ ফিট কৰি ৰখাটোত গুৰুত্ব প্ৰদান কৰিছে৷ ওজন কমাই শৰীৰটো ফিট ৰখাটো সকলোৰে বাবে এটা চেলেঞ্জ হৈছে৷ ঘৰতে শুই-বহি থকা বা খোজ-কাটল নকঢ়া আদিৰ ফলত গাৰ বিষ, কঁকালৰ বিষ আদি আনুষংগিক ৰোগে দেখা দিয়ে৷ সেয়ে যিকোনো প্ৰকাৰে ফিট হৈ থাকিবলৈ মানুহে ব্যায়াম, আসন আদিৰ লগতে জিমলৈও যায়৷ এনেদৰে জিমলৈ যোৱাসকলৰ বহুতেই প্ৰথমে উৎসাহেৰে ভুল কৰে৷ এজন কমোৱাৰ চেষ্টাত ডায়েট, শৰীৰ চৰ্চা কৰাটো প্ৰয়োজন যদিও শৰীৰচৰ্চা কেন্দ্ৰ বা জিমত শীঘ্ৰে ওজন হ্ৰাসৰ আশাত অতিৰিক্ত ওজন দাঙা, খুব বেছি ডাম্বেলৰ এক্সাৰচাইজ কিম্বা প্ৰায় খালী পেটে থকা আদিবোৰে শৰীৰটো যথেষ্ট অপকাৰ কৰিব পাৰে৷ প্ৰতিদিনে কিমান কেলৰি শক্তি হ্ৰাস হৈছে, তাৰ হিচাপ ৰখাটো অত্যন্ত জৰুৰী৷ তেনেদৰে ডায়েটৰ ক্ষেত্ৰতো সমতা বজাই ৰাখি চলাটো ভাল৷ ৱেইট ট্ৰেনিং ট্ৰেইনাৰৰ পৰামৰ্শ মতে– জিমলৈ যোৱাৰ প্ৰথম দিনা কোনোধৰণৰ ওজন ব্যৱহাৰ কৰিব নালাগে৷ কাৰণ তেনে কৰিলে পেশীৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক৷ প্ৰথমে ফ্ৰীহেণ্ড ব্যায়াম, ষ্টে˜চিং আদিবোৰ বেছিকৈ কৰিব লাগে৷ ৱেইট লিফটিঙৰ কেইবাটাও ঢাপ আছে আৰু সেই অনুসৰিহে কৰিব লাগে৷ প্ৰথমাৱস্থাত বেছি ওজন বেছি উঠালে পেশী সংকুচিত হৈ স্নায়ুৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ একেদিনাই ওজন হ্ৰাস নহয়, সেয়ে এটা টাৰ্গেট কৰি সেইমতে অভ্যাস কৰিব লাগে৷ প্ৰথম সপ্তাহতেই একেবাৰে ২০ কেজি ওজন দাঙিব নালাগে৷ তাৰ পৰিৱৰ্তে বিভিন্ন ব্যয়ামৰ সংখ্যা বঢ়াই নিব লাগে৷ প্ৰথম দুদিন দুই ছেট কৰা হ’লে তাৰ পিছত দিন তিনি ছেট কৰাৰ অভ্যাস কৰিব লাগে৷ এনেদৰে লাহে লাহে অভ্যাস কৰিলে ২৫ কেজিপৰ্যন্ত ওজন হ্ৰাস কৰিব পৰা যায়৷ খোৱাৰ ক্ষেত্ৰত অত্যধিক চৰ্বিযুক্ত, কাৰ্বহাইড্ৰেট থকা খাদ্য বাৰণ কৰা হয়৷ প্ৰ’টিনযুক্ত খাদ্য খাব লাগে৷ চব্জি, ফল-মূল খালেও পুষ্টি পোৱা যায়৷ এই সকলোবোৰ খাদ্য সমতা ৰক্ষা কৰি খোৱাটো যুগুত৷ কিছুমানে ভাবে জিম কৰিলে এসপ্তাহতে শৰীৰৰ ওজন কমি যাব৷ কিন্তু সেইটো শুদ্ধ নহয়৷ ধৈৰ্য ধৰি নিয়ম মতে জিম কৰক৷ শৰীৰৰ ওজন কমোৱাৰ যাত্ৰাটো কিন্তু দীৰ্ঘ সময়ৰ বাবেপ্ৰয়োজন হয়৷ শৰীৰৰ গঠন, শৰীৰৰ ওজনৰ পৰিমাণ আদিবোৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰিহে ওজন হ্ৰাসৰ সময়সীমা নিৰ্ধাৰণ হয়৷
জিমলৈ গ’লে সদায় এইবোৰৰ পৰা আঁতৰত থাকিব
By Health Plus
126
RELATED ARTICLES
শীতকালত আপোনাৰচকুযুৰিৰ যতন কিদৰে ল’ব
Health Plus - 0
আমি সকলোৱে শৰীৰৰ বিভিন্ন অংগৰ যতনৰ ওপৰত গুৰুত্ব দিওঁ৷ কিন্তু চকুৰ যতন ল’বলৈ পাহৰি যাওঁ৷ চকুযুৰিৰ জৰিয়তে আমি ধুনীয়া পৃথিৱীখনৰ সৌন্দৰ্যৰ দেখিবলৈ...
জিভাখন চাফা নকৰিলেকি কি ৰোগ হ’ব পাৰে
Health Plus - 0
আমাৰ শৰীৰৰ অত্যন্ত প্ৰয়োজনীয় অংগৰ ভিতৰত জিভাখন অন্যতম৷ কিন্তু শৰীৰৰ আন অংগৰ সমান্তৰালভাৱে জিভাখনৰ যত্নত আওকাণ কৰা দেখা...
প্ৰস্ৰাৱৰ এইধৰণৰ সমস্যাবোৰে বুজাই দিয়েকিডনীজনিত বিকাৰৰ কথা
Health Plus - 0
শৰীৰক সুস্থ ৰখাত কিডনীৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ সেয়ে কিডনীৰ সুস্থতা অতি জৰুৰী৷ কিডনীৰ সমস্যা হ’লে প্ৰথমে ধৰা নপৰে৷ প্ৰায় ৮০-৯০ শতাংশ কিডনী ক্ষতিগ্ৰস্ত...
Most Popular
শীতকালত আপোনাৰচকুযুৰিৰ যতন কিদৰে ল’ব
আমি সকলোৱে শৰীৰৰ বিভিন্ন অংগৰ যতনৰ ওপৰত গুৰুত্ব দিওঁ৷ কিন্তু চকুৰ যতন ল’বলৈ পাহৰি যাওঁ৷ চকুযুৰিৰ জৰিয়তে আমি ধুনীয়া পৃথিৱীখনৰ সৌন্দৰ্যৰ দেখিবলৈ...
চলিত সপ্তাহত পৃথিৱীৰ একেবাৰেকাষেৰে পাৰ হ’ব এটা গ্ৰহাণু
ন্ডপৃথিৱীৰ কাষেৰে গ্ৰহাণু বা গ্ৰহাণুপুঞ্জ পাৰ হোৱাৰ ঘটনাটো নতুন নহয় যদিও পৃথিৱীৰ একেবাৰে কাষেৰে গ্ৰহাণু পাৰ হোৱাৰ ঘটনা এইবাৰ সংঘটিত হ’ব৷ চলিত...
বাহন চলিব গোবৰ গেছৰ ইন্ধনেৰে ! ক’ত, কেতিয়া?
দেশৰ বাহন নিৰ্মাণ প্ৰতিষ্ঠান মাৰুতি ছুজুকি মটৰ কৰ্প’ৰেশ্যনে ২০৩০ চনলৈকে শেহতীয়াকৈ এক দীৰ্ঘকালীন পৰিকল্পনা হাতত লৈছে৷ বাহন নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৱে আগন্তুক সময়ত...
জনসংখ্যা বৃদ্ধিৰ পদক্ষেপ : অবিবাহিত হৈও জন্ম দিব পাৰিব সন্তান ! ক’ত?
জনসংখ্যাৰ বৃদ্ধিৰ হাৰ পৃথিৱীয়ে সহিব নোৱৰাৰ সময়তে বিভিন্ন দেশে কিদৰে জনসংখ্যা ৰোধ কৰিব পাৰি তাৰ জনসংখ্যা ৰোধৰ ফলপ্ৰসূ আঁচনি ৰূপায়ণৰ চিন্তা-চৰ্চা অব্যাহত...