জামৰ গুটি পেলাই দিয়ে নেকি? আছে ইয়াৰ উপকাৰী গুণ

0
1075

গ্ৰীষ্মকালৰ ফলসমূহৰ ভিতৰত জাম সকলোৰে প্ৰিয়৷ সুস্বাদু হোৱাৰ লগতে ই এনেকুৱা এবিধ ফল যি স্বাস্থ্য ধৰি ৰখাৰ লগতে ছালৰ কাৰণেও উত্তম৷ কোনোধৰণৰ পাশ্বৰ্ক্ৰিয়া নোহোৱাকৈয়ে জামে আপোনাক এখন উজ্জ্বল আৰু মসৃণ ছাল প্ৰদান কৰিব পাৰে৷ প্ৰায়ভাগ লোকে জাম খাই গুটিটো পেলাই দিয়া দেখা যায়৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে জামৰ লগতে ইয়াৰ গুটিও আপোনাৰ স্বাস্থ্য ধৰি ৰখাত সহায় কৰিব পাৰে৷ ইয়াৰ উপকাৰিতাৰ বিষয়ে জনাৰ পাছত আপুনিও হয়তো ইয়াক পেলাই দিবলৈ ইচ্ছা নকৰিব৷ জামৰ গুটি ৰ’দত শুকাই খুন্দি লৈ ইয়াৰ গুৰি বহুদিনলৈ ব্যৱহাৰ কৰিব পাৰি৷ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-ই আৰু ভিটামিন-চি পোৱা যায়, যি শৰীৰৰ পাচনতন্ত্ৰ ভালে ৰাখে৷

ইয়াৰ উপৰিও জামৰ গুটিৰ কি কি উপকাৰিতা আছে জানো আহক–
(১) জামৰ গুটি ডায়েবেটিছ ৰোগীৰ বাবে মহৌষধ৷ যিদৰে জামে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে, ঠিক তেনেকৈ জামৰ গুটিত থকা জাম্বোলিন আৰু জাম্বোচিন নামৰ উপাদানে তেজত শৰ্কৰাৰ পৰিমাণ কম কৰে৷ ইয়াৰ লগতে ইনছুলিনৰ উৎপাদনো বৃদ্ধি কৰে৷ ইয়াৰ বাবে ৰাতিপুৱা জামৰ গুটিৰ গুৰি কুহুমীয়া পানীৰ লগত সেৱন কৰিব লাগে৷
(২) জামৰ গুটি পেটৰ বিভিন্ন সমস্যা দূৰ কৰাত সহায় কৰে৷ ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ পোৱা যায়, যিয়ে পাচন প্ৰক্ৰিয়া উন্নত কৰে৷ পেটৰ ভিতৰৰ ঘা, আলচাৰ আদিত জামৰ গুটিক ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি৷
(৩) জামৰ গুটিয়ে উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷ ইয়াত থকা এলিজিক এচিড নামৰ এচিডবিধে ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে৷
(৪) জামৰ গুটিত থকা ফেনলিক নামৰ এণ্টিঅক্সিডেণ্টবিধে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে শৰীৰৰ ক্ষতিকাৰক মুক্ত কণিকাসমূহকো দূৰত ৰাখে৷
(৫) ওজন হ্ৰাস কৰাটো ফাইবাৰযুক্ত জামৰ গুটিয়ে সহায় কৰে৷
(৬) মহিলাৰ মাহেকীয়াত অধিক ৰক্ত ক্ষৰণ হ’লে জামৰ গুটিৰ গুৰিৰ লগত পিপল গছৰ ছালৰ গুৰি মিশ্ৰণ কৰি ঠাণ্ডা পানীৰ সৈতে সেৱন কৰিব লাগে৷
(৭) দাঁতৰ বিভিন্ন সমস্যাত জামৰ গুটিৰ গুৰিৰে দাঁত মাজিলে সুফল পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here