Home Daily news জাবৰ নিষ্কাশনৰ নামত দায়িত্বপ্ৰাপ্ত প্ৰতিষ্ঠানৰ লুণ্ঠন

জাবৰ নিষ্কাশনৰ নামত দায়িত্বপ্ৰাপ্ত প্ৰতিষ্ঠানৰ লুণ্ঠন

গুৱাহাটী পৌৰ নিগমৰ জাবৰ নিষ্কাশনৰ নামত প্ৰায় ২০ কোটি টকা লুণ্ঠন কৰা কাণ্ডত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে অভিযান চলায়৷ জি এম চিৰ কাৰ্যালয়ত অভিযান চলোৱাৰ পাছত যিটো প্ৰতিষ্ঠানে জাবৰ নিষ্কাশনৰ বাবে ঠিকা লাভ কৰিছিল সেই ডিনচেন গ্ল’বেল ভেন্সাৰৰ কাৰ্যালয়ত পুনৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে অভিযান চলায়৷ বেলতলাৰ নতুন বজাৰত থকা অস্থায়ী কাৰ্যালয়ত অভিযান চলাই অভিযানকাৰী আৰক্ষীয়ে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী দীনেশ জয়ছোৱালকো জেৰা কৰে৷ প্ৰতিষ্ঠানটোৰ আন এজন বিষয়াকো জেৰা কৰা হয়৷ এই প্ৰতিষ্ঠানটোৰ নামতে চলিছিল সমগ্ৰ লুণ্ঠন৷ এই প্ৰতিষ্ঠানটোৱে জি এম চিক জাবৰ নিষ্কাশনৰ বাবে গাড়ীৰ যোগান ধৰিছিল৷ 
অভিযানকাৰী আৰক্ষীয়ে যোৱা ডিচেম্বৰ মাহৰ পৰা জি এম চিত দাখিল কৰা সকলো বিলৰ ছফ্‌ট কপি আৰু হাৰ্ড কপি বিচৰাৰ লগতে যিসমূহ গাড়ী জাবৰ কঢ়িওৱাৰ বাবে যোগান ধৰিছিল সকলো গাড়ীৰ নথি-পত্ৰ অভিযানকাৰী দলটোৱে বিচৰা বুলি জানিব পৰা গৈছে৷ লগতে সকলো গাড়ীৰ স্বত্বাধিকাৰীৰ আৰু যি ফাৰ্মৰ পৰা গাড়ী আনি কামত লগাইছিল সেই ফাৰ্মৰ স্বত্বাধিকাৰীৰ ফ’ন নম্বৰো বিচাৰে৷ ইফালে তদন্ত সম্পূৰ্ণ হোৱাৰ পূৰ্বে ঠিকা প্ৰতিষ্ঠানটোৰ সকলো বিষয়াকে গুৱাহাটী এৰি নাযাবলৈয়ো নিৰ্দেশ দিয়া হৈছে৷ অভিযানকাৰী দলটোৱে প্ৰতিষ্ঠানটোৰ বহু নথি-পত্ৰ জব্দ কৰাৰ তথ্যও পোৱা গৈছে৷ লক্ষণীয় যে জি এম চিৰ স্বচ্ছতা বিষয়া আছিফ আহমেদে জাবৰ কঢ়িওৱা গাড়ী বৃদ্ধি কৰি কোটি কোটি টকা আত্মসাৎ কৰিছিল৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...