Home Daily news জাবৰ নিষ্কাশনৰ ক্ষেত্ৰত কিমান কাৰ্যকৰী হৈছে জি এম চিৰ নিৰ্দেশ

জাবৰ নিষ্কাশনৰ ক্ষেত্ৰত কিমান কাৰ্যকৰী হৈছে জি এম চিৰ নিৰ্দেশ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত অভিযানক গুৰুত্ব দি চৰকাৰ তথা কামৰূপ মহানগৰ জিলা প্ৰশাসনে মহানগৰতো বিভিন্ন সময়ত স্বচ্ছতাৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও এতিয়া মহানগৰৰ চৌদিশে দেখিবলৈ পোৱা গৈছে  ইয়াৰ আন এখন বিপৰীত ছবি৷ কাৰণ মহানগৰত এতিয়া বিভিন্ন ঠাইত পথৰ দাঁতিত পৰি থকা জাবৰ সুলভ হৈ পৰিছে৷ 
যাৰ যেনেকৈ মন যায় তেনেদৰেই পথতে দলিয়াইছে জাবৰ৷ একাংশ স্থানত ডাষ্টবিনত ভৰি থকা জাবৰো সময়ত নিবলৈ সময় নাপায় পৌৰ নিগমৰ চাফাই কৰ্মীয়ে৷ প্ৰথম অৱস্থাত মহানগৰখন পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত চৰকাৰ তথা গুৱাহাটী পৌৰ নিগমে গুৰুত্ব আৰোপ কৰিছিল যদিও বাস্তৱত সেই গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই৷ কেৱল নিৰ্দেশ দিয়েই দায়িত্ব সামৰিছে চৰকাৰ তথা পৌৰ নিগমৰ বিষয়াই৷ উল্লেখ্য যে বিভিন্ন সময়ত গুৱাহাটী পৌৰ নিগমে আৱৰ্জনা নিষ্কাশন তথা ডাষ্টবিন ব্যৱহাৰৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশ দি আহিছে৷ 
বিশেষকৈ মহানগৰৰ হোটেল, ৰেস্তোৰাঁ, বাৰ, বিবাহ ভৱন আদিৰ সন্মুখত ডাষ্টবিনৰ ব্যৱস্থা থকাটো বাধ্যতামূলক৷ কিন্তু গুৱাহাটী পৌৰ নিগমৰ এই নিৰ্দেশ প্ৰায়বোৰ ব্যাৱসায়িক প্ৰতিষ্ঠানে আওকাণ কৰা দেখা গৈছে৷ উল্লেখ্য যে মহানগৰত দৈনিক সৃষ্টি হোৱা আৱৰ্জনাৰ এটা বৃহৎ অংশ ব্যাৱসায়িক প্ৰতিষ্ঠানৰ পৰা নিৰ্গত হয়৷ 
জিলা প্ৰশাসনৰ তৰফৰ পৰা গুৱাহাটীৰ হোটেল, ৰেস্তোৰাঁৰ পৰা সকলো ধৰণৰ ব্যাৱসায়িক প্ৰতিষ্ঠানক গ্ৰাহকে দেখাকৈ সন্মুখত একোটা ডাষ্টবিন ৰখাটো ব্যধতামূলক হিচাপে নিৰ্দেশ দিছিল যদিও সকলো ফুটকাৰ ফেনত পৰিণত হ’ল৷ নিশা ব্যাৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰাৰ সময়ত প্ৰতিষ্ঠানৰ দিনটোৰ আৱৰ্জনা সন্মুখৰ পথত পেলাই থৈ যায়৷ আনকি হোটেল, ৰেস্তোৰাঁ আদিৰ দুৰ্গন্ধময় আৱৰ্জনাও পথৰ ওপৰত পেলোৱা কাৰ্য চলি আছে৷ এনেবোৰ দিশত সৰ্বসাধাৰণ একাংশ লোকৰ মাজতো সজাগতা নাই৷ বহু সময়ত দায়িত্বশীল বিভাগে নিৰ্দেশ দিয়ে যদিও সেয়া কাৰ্যকৰী হৈ নুঠে৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...