জানো আহক বিশ্ব দুগ্ধ দিৱসৰ তাৎপৰ্য কি?

0
1813

প্ৰতিবছৰে ১জুন তাৰিখৰ দিনটোত বিশ্ব দুগ্ধ দিৱস হিচাপে পালন কৰা হয়৷

আজি বিশ্ব দুগ্ধ দিৱস৷ প্ৰতিবছৰে ১জুন  তাৰিখৰ দিনটোত বিশ্ব দুগ্ধ দিৱস হিচাপে পালন কৰা হয়৷ সংযুক্ত ৰাষ্ট্ৰৰ 'ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যনে' ২০০১ চনত পোন প্ৰথমবাৰৰ বাবে এই দিনটোক বিশ্ব দুগ্ধ দিৱস হিচাপে উদযাপন কৰিছিল৷ বিশ্বৰ জনসাধাৰণক গাখীৰৰ প্ৰয়োজনীয়তা সম্বন্ধে বাৰ্তা প্ৰেৰণ কৰাই হৈছে বিশ্ব দুগ্ধ দিসৱৰ মূল উদ্দেশ্য৷ গাখীৰ আমাৰ শৰীৰৰ কাৰণে কিমান প্ৰয়োজনীয়, ইয়াৰ সেৱনৰ দ্বাৰা কেনেধৰণৰ লাভ পাব পাৰি, এইবোৰৰ বিষয়ে জনসাধাৰণক জনোৱা আৰু সজাগ কৰাৰ অৰ্থেই এই দিনটো পালন কৰা হয়৷ দৈনিক এগিলাচ গাখীৰ খালে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱাৰ লগতে বিভিন্ন ধৰণৰ বেমাৰৰ পৰা শৰীৰটোক মুক্ত ৰাখিব পৰা যায়৷ গাখীৰ এনে এবিধ পুষ্টিকৰ খাদ্য, য’ত কেলচিয়াম, মেগনেচিয়াম, জিংক, ভিটামিন-এ, ভিটামিন-ডি, ভিটামিন-বি ১২, প্ৰ’টিন আদি পোৱা যায়৷ সকলো বয়সৰ ব্যক্তিৰ বাবে গাখীৰ অতি উত্তম৷ ইমিউনিটি বৃদ্ধি কৰা, মজবুত হাড়, ওজন নিয়ন্ত্ৰণ, ছাল আৰু চুলিৰ যতন, পেটৰ বিভিন্ন সমস্যা দূৰ কৰাত গাখীৰ হৈছে অন্যতম কাৰক৷ গতিকে আজি বিশ্ব দুগ্ধ দিৱসৰ এই শুভ দিনটোত আমি সকলোৱে গাখীৰ সেৱনৰ জৰিয়তে শৰীৰ সু্‌স্থ আৰু সবল কৰি ৰখাৰ সংকল্প লওঁ আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here