জানেনে? সোৱাদ লোৱাৰ উপৰিও জিভাৰ কি আছে অন্য কাম?

0
1960

মানৱ শৰীৰৰ আটাইতকৈ জটিল কাৰ্যক্ষম অংগটো হৈছে হৃদপিণ্ড; কিন্তু এই ক্ষেত্ৰত জিভাৰ জটিল কাৰ্যক্ষমো নুই কৰিব নোৱাৰি৷ হৃদপিণ্ডৰ নিচিনাকৈ জিভাখনেও অবিৰাম গতিত কাম কৰি থাকে৷ জিভা আমাৰ মুখগহ্বৰৰ এক পেশী অংগ৷ যাৰ জৰিয়তে আমি বিভিন্ন খাদ্যবস্তুৰ সোৱাদ ল’ব পাৰোঁ৷ ইয়াৰ উপৰি খাদ্য খাওঁতে জিভাখনে খাদ্যবস্তুবোৰ মিশ্ৰণ কৰাত সহায় কৰে৷ কথা কোৱাৰ ক্ষেত্ৰতো জিভাখনে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷ আমাৰ জিভাখন হৈছে এক সংবেদনশীল অংগ, যাৰ জৰিয়তে আমি কোনো বস্তু স্পৰ্শ কৰিয়েই গুণাগুণ বিচাৰ কৰিব পাৰোঁ৷ যেতিয়া আমি শুই থাকোঁ, আমাৰ জিভাখনে লেলাউতি ডিঙিলৈ ঠেলি পঠিয়ায়৷ ইয়াৰ উপৰিও জিভাৰ আছে অন্য এক আশ্চৰ্যকৰগুণ, যাৰ বিষয়ে জনাৰ পাছত আপোনাৰ হয়তো চকু কপালত উঠিব৷ যিধৰণে পৃথিৱীৰ প্ৰত্যেকগৰাকী ব্যক্তিৰে ফিংগাৰ প্ৰিণ্ট বেলেগ বেলেগ হয়, ঠিক তেনেদৰে জিভাৰ প্ৰিণ্টো বেলেগ বেলেগ হয়৷ ‘টাংক প্ৰিণ্ট’ হৈছে নতুন বায়’মেট্ৰিক অথেণ্টিকেশ্যন আহিলা, যিটো অদ্বিতীয়, যাক নকল কৰিব নোৱাৰে৷ কাৰণ দুখন জিভাৰ প্ৰিণ্ট একে হ’ব নোৱাৰে আৰু সেই কাৰণে মানুহৰ চিনাক্তকৰণৰ বাবে জিভাৰ প্ৰিণ্ট ব্যৱহাৰ কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here