জানেনে? মানুহৰ মগজুত সংৰোপণ কৰা হ’ব কম্পিউটাৰ চিপছ্

0
2332


স্পেচএক্স আৰু টেছলাৰ স্বত্বাধিকাৰী তথা কোটিপতি ব্যৱসায়ী এলন মাস্কে এইবুলি ঘোষণা কৰিছে যে সকলো ঠিকে-ঠাকে থাকিলে এই বছৰতে মানুহৰ মগজুত কম্পিউটাৰ চিপছ্‌ সংৰোপণ কৰা হ’ব৷ তেওঁ লগতে কয় যে সকলো ভবা মতে হ’লে এই বছৰৰ শেষৰফালে মানুহৰ মগজুত কম্পিউটাৰ চিপছ্‌ সংৰোপণ কৰা, অৰ্থাৎ ব্ৰেইন ইণ্টাৰফেচ ষ্টাৰ্টআপৰ পৰীক্ষা কৰাৰ কাম আৰম্ভ কৰা হ’ব৷ ইয়াৰ পৰীক্ষা ইতিমধ্যে জন্তুক লৈ কৰা হৈছে৷ মাস্কে ২০১৬ চনত ছানফ্ৰান্সিছকোত এই ষ্টাৰ্টআপ আৰম্ভ কৰিছিল৷ ইয়াৰ জৰিয়তে এলঝেইমাৰ, ডিমেনছিয়া আৰু ৰাজহাড়ৰ আঘাতৰ দৰে স্নায়ৱিক বিকাৰসমূহৰ চিকিৎসা কৰিব পৰাটো সম্ভৱ হৈ উঠিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here