জানেনে? ব্লাড গ্ৰুপৰ ওপৰত নিৰ্ভৰ কৰে হাৰ্ট এটেকৰ সম্ভাৱনা

0
1346

বৰ্তমান সময়ত হৃদৰোগ এটা মাৰাত্মক সমস্যা হিচাপে দেখা দিছে৷ দুৰ্বল জীৱন যাত্ৰা, মানসিক চাপ, উদ্বেগ আৰু অন্যান্য কাৰণত এই ৰোগ হ’ব পাৰে৷ বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা তথ্য মতে বিশ্বজুৰি মৃত্যুৰ অন্যতম প্ৰধান কাৰণ হৈছে হৃদৰোগ৷ সম্প্ৰতি এক গৱেষণাত প্ৰকাশ পাইছে যে মানুহ এজনৰ তেজৰ গ্ৰুপৰ ওপৰতো নিৰ্ভৰ কৰি হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা থাকে৷

 তথ্য মতে O গ্ৰুপৰ বাহিৰে অন্য গ্ৰুপ  যেনে– A, B, AB আদি গ্ৰুপৰ লোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা বেছি৷ এনে গ্ৰুপৰ লোকসকলৰ ৯ শতাংশ কাৰ্ডিঅ’ ভাস্কুলাৰৰ ঘটনাৰ সম্ভাৱনা বেছি থাকে৷ এই গ্ৰুপৰ লোকসকলৰ দেহত von willebrand factorৰ (তেজ তঞ্চলকাৰী প্ৰ’টিন) ঘনত্ব বেছি থাকে৷ এই প্ৰ’টিনবিধ থ্ৰম্বটিক ইভেণ্টৰ সৈতে যুক্ত হৈ থাকে৷  যাৰ বাবে হাৰ্ট এটেক হোৱাৰ সম্ভৱনা বঢ়াই তোলে৷ জনা গৈছে যে O গ্ৰুপৰ  বাদে অন্য গ্ৰুপৰ তেজ যিসকলৰ থাকে, তেওঁলোকৰ হাৰ্ট এটেক বেছি পৰিমাণে হয়৷ আনহাতে O আৰু B গ্ৰুপৰ তেজৰ লোকৰ ৮ শতাংশ লোকৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বেছি থাকে৷ যিসকলৰ তেজৰ গ্ৰুপ O, তেওঁলোকৰ তেজত কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা যথেষ্ট বেছি৷ ইয়াৰ ফলতো হাৰ্ট এটেক হ’ব পাৰে৷ O গ্ৰুপৰ তুলনাত অন্য গ্ৰুপৰ লোকৰ ক্ষেত্ৰত গেলাকটিন-৩ ৰ মাত্ৰা বেছি থাকে৷ যি  ইনফ্লামেশ্যনৰ বাবে দায়ী৷ দেখা গৈছে যে যিসকলৰ তেজৰ গ্ৰুপ A, তেওঁলোকৰ তেজত কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা অধিক থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here