জানেনে? জাইফলৰ তেল কি কামত ব্যৱহাৰ কৰা হয়?

0
1411

সুগন্ধিযুক্ত মছলাৰ ভিতৰত জাইফল সকলোৰে পৰিচিত৷ ইণ্ডোনেছিয়াৰ এই প্ৰজাতিবিধ বৰ্তমান ভাৰতবৰ্ষৰ প্ৰতিঘৰ মানুহৰ ৰান্ধনীশালৰ অন্যতম সামগ্ৰী৷ এই মছলা বিভিন্ন ব্যঞ্জনৰ সোৱাদ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা হয়৷ সোৱাদৰ লগতে ই হজম হোৱাটো সহায় কৰে৷ নানাৰকমৰ ঔষধ হিচাপেও জাইফল ব্যৱহাৰ কৰা হয়৷ ইয়াৰ পৰা প্ৰস্তুত কৰা তেলো স্বাস্থ্যৰ পক্ষে হিতকাৰী–

(১) জাইফলৰ তেলে শৰীৰত তেজৰ চলাচল উন্নত কৰে৷ ইয়াৰ ব্যৱহাৰে শৰীৰৰ সকলো কোষলৈ অক্সিজেন সৰবৰাহ কৰাত সহায় কৰে৷
(২) জাইফলৰ তেলে স্ত্ৰেচ কম কৰাত সহায় কৰে৷ উচ্ছ ৰক্তচাপ কম কৰাটো জাইফলৰ তেল উল্লেখনীয়৷
(৩) বিষনাশক হিচাপে পৰিচিত জাইফলৰ তেল গাঁঠি ফুলা, মাংসপেশীৰ বিষতো ব্যৱহাৰ কৰা হয়৷
(৪) মহিলাৰ মাহেকীয়াত হোৱা পেটৰ বিষৰ পৰা উপশম পাবলৈ জাইফলৰ তেল অন্যতম৷
(৫) জাইফলৰ তেলে স্নায়ুসমূহক শান্ত কৰি শৰীৰৰ স্ত্ৰেচ কমাই ভাল টোপনি অহাত সহায় কৰে৷
(৬) জাইফলৰ তেলে হজম শক্তি বৃদ্ধি কৰে৷
(৭) প্ৰাকৃতিক চেণ্ট হিচাপে ব্যৱহাৰ কৰা জাইফলৰ তেলক মুখৰ দুৰ্গন্ধ আঁতৰ কৰাৰ লগতে মুখৰ বিভিন্ন ইনফেকশ্যনতো ব্যৱহাৰ কৰিব পাৰি৷
(৮) ই শৰীৰত তেজৰ শৰ্কৰাৰ মাত্ৰাও নিয়ন্ত্ৰণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here