জানেনে? গেছ চিলিণ্ডাৰৰ গাত লিখা ক’ডৰ ৰহস্য কি?

0
1268


আমাৰ ৰন্ধন প্ৰণালীত এটা অতি আৱশ্যকীয় সামগ্ৰী হ’ল গেছ চিলিণ্ডাৰ৷ এই চিলিণ্ডাৰ অবিহনে ৰান্ধনীশাল অপূৰ্ণ৷ কিন্তু এই গেছ চিলিণ্ডাৰৰ গাত লিখা থকা ক’ডবোৰ আমি কেতিয়াও খেয়াল নকৰোঁ৷ জানিবলৈ চেষ্টা নকৰোঁ এই ক’ডৰ আঁৰৰ কথা৷ আজি আপোনালোকক এই চিলিণ্ডাৰৰ গাত লিখা থকা ক’ডবোৰৰ অৰ্থ জনাবলৈ চেষ্টা কৰিছোঁ৷ ইয়াৰ অৰ্থবোৰ জনাটো সকলোৰে বাবে ভাল৷


আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ যে এটা গেছ চিলিণ্ডাৰৰ ঠিক ওপৰ অংশত C-13, বা B-15 আদি ধৰণৰ লিখা থাকে৷ আপুনি জানি আচৰিত হ’ব যে এই C, B, 13, 15 আদি নম্বৰবোৰ আমাৰ নিৰাপত্তাৰ সৈতে জড়িত৷ সাধাৰণতে চিলিণ্ডাৰবোৰক A, B, C, D– এই চাৰিটা ছিৰিজত ভাগ কৰা হয়৷ এই আখৰকেইটা ইংৰাজী মাহৰ সৈতে জড়িত৷

What is the meaning of number on Gas Cylinder?

চিলিণ্ডাৰৰ গাত A লিখা থাকিলে বুজিব লাগিব এই চিলিণ্ডাৰ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ মাহৰ ছিৰিজৰ৷ এপ্ৰিল, মে’, জুন ছিৰিজৰ বাবে ব্যৱহাৰ হোৱা আখৰটো B৷ একেদৰে জুলাই-ছেপ্টেম্বৰ ছিৰিজৰ বাবে C আৰু অক্টোবৰ-ডিছেম্বৰ মাহৰ বাবে D আখৰটো ব্যৱহাৰ কৰা হয়৷ এইটো হ’ল ছিৰিজ জানিব কাৰণে৷ এইবাৰ নম্বৰবোৰ কিহৰ বাবে ব্যৱহাৰ কৰা হয় জনাটো ভাল৷ চিলিণ্ডাৰৰ গাত লিখা B-23 লিখা থাকিলে বুজিব লাগিব, সেই চিলিণ্ডাৰটো ২০২৩ চনৰ এপ্ৰিল মাহত এই চিলিণ্ডাৰটো পৰীক্ষা কৰা জৰুৰী৷ একেদৰে C-24 লিখা থাকিলে চিলিণ্ডাৰটো ২০২৪ৰ অক্টোবৰত পৰীক্ষা কৰাটো জৰুৰী৷ চিলিণ্ডাৰৰ পৰীক্ষাৰ ম্যাদ যদি পাৰ হয়, তেতিয়া হ’লে বিপজ্জনক হ’ব পাৰে৷ ভাৰতত তৈয়াৰ কৰা চিলিণ্ডাৰৰ মাপকাঠী হ’ল BIS 3196৷ এই মাপকাঠী অনুযায়ী এটা চিলিণ্ডাৰৰ ম্যাদ ১৫ বছৰ হয়৷ এই সময়ছোৱাৰ ভিতৰত দুবাৰ চিলিণ্ডাৰ পৰীক্ষা কৰাব লাগে৷ প্ৰথম পৰীক্ষা কৰা হয় ১০ বছৰৰ ভিতৰত৷ দ্বিতীয় পৰীক্ষা কৰা হয় পৰৱৰ্তী পাঁচ বছৰৰ ভিতৰত৷
সেয়েহে চিলিণ্ডাৰ ব্যৱহাৰ কৰাত আগতে এইবোৰ কথা জনাটো সকলোৰে বাবে অতিকে প্ৰয়োজন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here