জানি থওক অত্যধিক কণী খালে হ’ব পাৰে মাৰাত্মক ক্ষতি

0
1481

আমি সকলোৱে জানো যে কণীত অত্যধিক পৰিমাণে প্ৰ’টিন থাকে বাবে কণী খোৱাটো শৰীৰৰ বাবে উপকাৰী৷ সৰুৰ পৰা বৃদ্ধলৈকে সকলোৱে কণী খাই ভাল পায়৷ স্কুলীয়া ল’ৰা-ছোৱালীৰ টিফিনত কণী এবিধ অত্যাৱশ্যকীয় খাদ্য৷ অকলশৰীয়াকৈ ভাড়া লৈ থকা ল’ৰা-ছোৱালীৰ অতি সহজে পোৱা খাদ্যৰ ক্ষেত্ৰত কণীৰ বাহিৰে আন গত্যন্তৰ নাই৷ কিন্তু আপুনি হয়তো জানি আচৰিত হ’ব যে অত্যধিক কণী সেৱনৰ ফলত শৰীৰত অপকাৰ সাধন কৰিব পাৰে৷ সম্প্ৰতি এখন জাৰ্নালে প্ৰকাশ কৰিছে এই কথা৷

(১) বিশেষজ্ঞৰ মতে, বেছি কণী খালে শৰীৰত কলেষ্টৰেলৰ সমস্যাই দেখা দিব পাৰে৷ অত্যধিক কণী খোৱাৰ বাবে শৰীৰৰ কলেষ্টৰেলৰ মাত্ৰা বাঢ়ি যায়৷ ইয়ে হৃদৰোগৰ কাৰণ হৈ উঠিব পাৰে৷
(২) কণী খোৱাৰ ফলত আৰ্থাৰাইটিছৰ সমস্যাই দেখা দিব পাৰে৷ যিটো বহুতৰে নজনা কথা৷ সেইবাবে অতিৰিক্ত কণী খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক৷
(৩) কণীৰ সৈতে চাহ খালে কোষ্ঠকাঠিন্যৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ যিসকলে ব্ৰেকফাষ্টত কণী খোৱাটো পচন্দ কৰে, সেইসকলে এই বিষয়ে ধ্যান দিয়াটো জৰুৰী৷
(৪) যিসকলৰ গেষ্ট্ৰিকৰ সমস্যা আছে, তেওঁলোকে কণী খাওঁতে সাৱধান হ’ব লাগে৷ নিৰ্দিষ্ট পৰিমাণে কণী খোৱাটো উচিত৷
(৫) কণীৰ সৈতে চেনি খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷ কণী আৰু চেনি একেলগে খালে শৰীৰত এচিডৰ সৃষ্টি হয় আৰু শৰীৰৰ অনিষ্ট সাধন কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here