জানিবলৈ মন যায়নে? মহাকাশত নভোচাৰীয়ে কি কি খাদ্য খায় ?

0
194


মহাকাশত থাকি বছৰৰ পাছত বছৰ গৱেষণা কৰা মহাকাশচাৰীয়ে মহাকাশ থকাৰ সময়ত বিভিন্ন প্ৰতিকূলতাৰ মাজেৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হয়৷ মহাকাশচাৰীৰ গৱেষণাৰ জৰিয়তে আমি সৌৰজগত তথা বিশ্বব্ৰহ্মাণ্ডৰ অনেক অজানা কথা জানিবলৈ পাওঁ৷ তেওঁলোকে বিভিন্ন কঠিন পৰিস্থিতিৰ মাজেৰে কষ্ট স্বীকাৰ কৰি হ’লেও সেই তথ্য যোগান ধৰে৷ মহাকাশত থকা সময়ছোৱাত নানান সমস্যাৰ মাজেৰে জীৱন নিৰ্বাহ কৰিব লগা পৰিৱেশৰ সৃষ্টি হয়৷ কিন্তু আমি কেতিয়াবা ভাবি চাইছোঁনে মহাকাশচাৰীয়ে মহাকাশত কি খায় জীয়াই থাকে৷ জানিলে অবাক হ’ব আপুনি যে পৃথিৱীৰ নিচিনা মহাকাশত সকলো বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিব নোৱাৰে৷ নভোচাৰীসকলে যি খাদ্য তেওঁলোকৰ ঘৰত থাকোঁতে খায়, তেনেধৰণৰ খাদ্য মহাকাশত খাব নোৱাৰে৷ মহাকশত ৰুটী খোৱাটো একেবাৰে নিষিদ্ধ৷ ৰুটী মহাকাশ ষ্টেছনৰ বায়ুমণ্ডলত ভাহি উঠিবলৈ ধৰে তথা ৰুটীৰ টুকুৰা মহাকাশচাৰীৰ চকুত সোমাবলৈ ধৰে৷ যাৰ বাবে তেনে খাদ্যই তেওঁলোকৰ ক্ষতি কৰাৰ সম্ভাৱনা থাকে৷ বিস্কুট তথা আন খাদ্যৰ দৰে খাদ্য মহাকাশত খোৱাটো বাধা আছে৷ ইয়াৰো টুকুৰা মহাকাশত ভহি উঠে আৰু যাৰ ফলত এইবোৰ চোবাব ধৰিলে মুখত দিলে গলত লাগি ধৰিব পাৰে৷ আনহতে মহাকাশত কোনোধৰণৰ ক’ল্ড ড্ৰিংকছ নিষিদ্ধ আছে৷ ইয়াৰ উপৰি গাখীৰ মহাকাশলৈ নিব নোৱাৰে৷ ইয়াৰ বিপৰীতে মহাকাশচাৰীয়ে ডিহাইড্ৰেটেড গাখীৰহে লগত লৈ যায়৷ চেনি তথা নিমখ মহাকাশচাৰীয়ে মহাকাশলৈ নিয়াত সম্পূৰ্ণ ব্যধ্যবাধকতা আছে৷ কাৰণ মহাকাশচাৰীয়ে মহাকাশত তেওঁলোকৰ খাদ্যত নিমখ দিব নোৱাৰে৷ মাধ্যাকৰ্ষণ শক্তি ইয়াত নাথাকে বাবে এইবোৰ সামগ্ৰী চাৰিওফালে ভাহি উঠিব আৰু এইবোৰ নাকে-মুখে সোমাই অসুবিধাত পেলাই ক্ষতি কৰিব পাৰে৷ উল্লেখ্য যে মহাকাশচাৰীয়ে পৃথিৱীত থকাৰ সময়ছোৱাত যি খাদ্য পচন্দ কৰে, সেইবোৰ খাদ্য ভুলতো খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত নহয় মহাকাশত৷ আনহাতে এলকহল সম্পূৰ্ণভাৱে মহাকাশত বৰ্জনীয় হিচাপে গণ্য কৰা হয়৷ আন্তৰ্জাতিক মহাকাশ ষ্টেচনৰ তালিকাত শাক-চবজি, ফল-মূল, মিঠাইজাতীয় খাদ্যৰ পৰা আৰম্ভ কৰি প্ৰায় শতাধিক খাদ্যৰ আইটেম থাকে৷ বিশেষভাৱে প্ৰস্তুত কৰা খাদ্যহে মহাকাশচাৰীয়ে মহাকাশত খাব পাৰে৷ জানিলে আচৰিত হ’ব যে প্ৰতিদিনে মিছনত বেলেগ বেলেগ খাদ্যৰ মেনু থাকে আৰু মিছন আৰম্ভ হোৱাৰ আগতে নভোচাৰীয়ে ইয়াত তালিকা প্ৰস্তুত কৰি লয়৷ আনহাতে দীৰ্ঘদিন মহাকাশত থকাৰ ফলত খাদ্য নষ্ট হোৱাৰ সম্ভাৱনা থাকে৷ সেয়ে কোনোধৰণৰ খাদ্য যাতে নষ্ট নহয় ইয়াৰ বাবে বিজ্ঞানীয়ে সজীৱ, সুস্বাদু আৰু পুষ্টিকৰ খাদ্য বাছি লয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here