জানিবলগীয়া : কৰ’না ৰোধৰ বাবে দৈনিক ছাগলীৰ গাখীৰ খাওক

0
924

কৰ’নাৰ সংক্ৰমণৰ পৰা হাত সাৰি থকাৰ বাবে নিয়মীয়াকৈ ছাগলীৰ গাখীৰ খোৱাৰ পৰামৰ্শ দিছে৷ তেওঁৰ মতে, ছাগলীৰ গাখীৰ নিয়মীয়াকৈ খালে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷

দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌৱে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবে ছাগলীৰ গাখীৰ খোৱাৰ পৰামৰ্শ দিয়া হৈছে৷ চন্দ্ৰশেখৰ আজাদ কৃষি তথা প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়ৰ কানপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পশুপালন বিজ্ঞানী ড॰ চন্দ্ৰকেশ ৰায়ে কৰ’নাৰ সংক্ৰমণৰ পৰা হাত সাৰি থকাৰ বাবে নিয়মীয়াকৈ ছাগলীৰ গাখীৰ খোৱাৰ পৰামৰ্শ দিছে৷ তেওঁৰ মতে, ছাগলীৰ গাখীৰ নিয়মীয়াকৈ খালে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷ তেওঁ কয় যে ইয়াৰ বাবে দৈনিক ২৫০ গ্ৰাম ছাগলীৰ গাখীৰ খোৱাৰ প্ৰয়োজন৷ ড॰ ৰায়ৰ মতে ছাগলীৰ গাখীৰত ২.৬১–৪.১০% প্ৰ’টিন থকাৰ প্ৰমাণ পোৱা গৈছে৷ ইয়াৰ লগতে জংঘলত চৰি থকাৰ সময়ত ছাগলীয়ে বিভিন্ন ঔষধি গুণ থকা উদ্ভিদ তথা তৃণ আদি খায়৷  ইয়াৰ উপস্থিতি গাখীৰতো পৰ্যাপ্ত পৰিমাণে থাকে৷ তেওঁৰ মতে ছাগলীৰ গাখীৰে এলাৰ্জীৰ সৃষ্টি নকৰে৷ আনহাতে গৰুৰ গাখীৰৰ তুলনাত ছাগলীৰ গাখীৰত কেলচিয়াম ১৩%, ভিটামিন-এ ২৫%, পটাছ ১৩৪%, নিয়াছিন ৩ গুণ, তাম ৪ গুণ তথা ২৭% চেলেনিয়াম অধিক পৰিমাণে পোৱা যায়৷ ই হৃদৰোগত আক্ৰান্ত ৰোগীৰ বাবেও লাভদায়ক বুলি তেওঁ কয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here