জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ক’ত চিনাক্ত হ’ল প্ৰথমগৰাকী ৰোগী? Where was the effect of climate change detected ? Who was the first casualty ?

0
508
জলবায়ু পৰিৱৰ্তনক লৈ অলপতে গ্লাছগো চহৰত সম্পন্ন হোৱা ৰাষ্ট্ৰসংঘৰ ক’প-২৬ শীৰ্ষক সন্মিলনৰ পাছতে কানাডাৰ ব্ৰিটিছ কলম্বিয়াত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত আক্ৰান্ত হোৱা প্ৰথমগৰাকী মহিলা চিনাক্ত কৰা হৈছে৷ চিকিৎসকে প্ৰকাশ কৰা মতে মহিলাগৰাকীয়ে শ্বাস-প্ৰশ্বাসজনিত জটিল সমস্যাত ভুগি থকাৰ পাছত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়৷ মহিলাগৰাকীৰ ৰোগৰ লক্ষণসমূহ চাই চিকিৎসকসকলে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত চিকাৰ হোৱা বিশ্বৰ প্ৰথমগৰাকী মহিলা হিচাপে চিহ্নিত কৰে৷ উল্লেখ্য যে কলম্বিয়া চহৰৰ কুটিনে লেক হাস্পতালৰ জৰুৰীকালীন ৱাৰ্ডত চিকিৎসাধীন হোৱা মহিলাগৰাকীৰ সন্দৰ্ভত প্ৰকাশ পোৱা মতে চলিত বৰ্ষটোত উক্ত অঞ্চলটোত ষোল্লশতকৈও অধিক বনজুইৰ ঘটনা সংঘটিত হৈছিল৷ এই বনজুইৰ ফলতে উক্ত অঞ্চলৰ জলবায়ুত যথেষ্ট কুপ্ৰভাৱ পৰে আৰু মহিলাগৰাকী উক্ত ৰোগৰ চিকাৰ হ’বলগীয়া হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here