জবা ফুলে চুলিৰ কিদৰে উপকাৰ কৰে?

0
1860

চুলিৰ সৌন্দৰ্য্য ধৰি ৰখাটো আমাৰ প্ৰায়ভাগৰে মূৰৰ কামোৰণি হৈ পৰিছে৷ ডাক্তৰ বা কছমেটিক্‌ছৰ দোকানৰ ওচৰলৈ নগৈ ঘৰুৱাভাৱে আমি চুলিটাৰিৰ যতন লৈও উপকাৰ পাব পাৰোঁ৷ চুলিৰ হাজাৰটা সমস্যা জবা ফুলৰ গুণে সমাধান কৰিব পাৰে৷ জবা ফুলৰ পাহিৰ পৰা পাতলৈকে সকলোবোৰ চুলিৰ কাৰণে অত্যন্ত জৰুৰী৷

জবা ফুলে কিদৰে চুলি সুন্দৰ কৰি ৰাখে জানো আহক–

(১) জবা ফুলে চুলি বঢ়াত সহায় কৰে৷ সপ্তাহত তিনি দিন জবা ফুল চুলিত লগালে চুলিৰ বৃদ্ধি হয়৷
(২) চুলি মজবুত কৰাত জবা ফুল ব্যৱহাৰ কৰা হয়৷ ইয়াত এমিন’ এচিড থাকে বাবে চুলিকোছা মজবুত কৰি ৰখাত সহায় কৰে৷
(৩) চুলিৰ উফিৰ সমস্যা দূৰ কৰাত জবা ফুল ব্যৱহাৰ কৰক৷ জবা ফুলৰ ৰস উলিয়াই ছেম্পুৰ সৈতে মিহলাই মূৰত ঘঁহিলে উফিৰ সমস্যা দূৰ হয়৷
(৪) মূৰৰ ছালখন ভালে ৰাখিবলৈ জবা ফুলে অৰিহণা যোগায়৷ এটা জবা ফুল লৈ মূৰত ঘঁহি দিব লাগে৷ ইয়াৰ ফলত চুুুলিৰ উজ্জ্বলতা বঢ়োৱাৰ লগতে চুলি মসৃণ কৰি ৰাখে৷
(৫) বজাৰত উপলব্ধ ছেম্পুতকৈ জবা ফুলেৰে তৈয়াৰী ছেম্পু চুলিত ব্যৱহাৰ কৰিব লাগে৷ এইধৰণৰ ছেম্পুৰে ছুলি ধুলে চুলিৰ উজ্জ্বলতা বৃদ্ধি পায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here