জনসাধাৰণক আতংকিত নহ’বলৈ দেশৰ চাৰিগৰাকী প্ৰসিদ্ধ চিকিৎসকৰ আহ্বান

0
649

ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ আগতে সকলোৱে দুখন মাস্ক পিন্ধিব লাগে৷ ভিতৰত ছাৰ্জিকেল মাস্ক আৰু তাৰ ওপৰত এন ৯৫ বা কাপোৰৰ মাস্ক পিন্ধিব লাগে

কৰ’নাৰ সংক্ৰমণক লৈ দেশৰ চাৰিজন আগশাৰীৰ চিকিৎসা বিশেষজ্ঞই জনসাধাৰণক আতংকিত নহ’বলৈ আহ্বান জনাইছে৷ দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়া, মেদান্ত হস্পিটেলৰ অধ্যক্ষ ডাঃ নৰেশ ত্ৰেহান, এইম্‌ছৰ অধ্যাপক ডাঃ নবীন ৱিগ আৰু স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধান ডাঃ সুনীল কুমাৰে কয় যে কৰ’নাক লৈ জনসাধাৰণ আতংকিত হোৱাৰ প্ৰয়োজন নাই৷ ডাঃ গুলেৰিয়াই কয় যে দেশৰ জনসাধাৰণ বৰ্তমান আতংকিত হৈ পৰিছে৷ তেওঁ কয় যে মানুহে ঘৰত অক্সিজেন চিলিণ্ডাৰ, ইন্‌জেকশ্যন ৰাখিবলৈ লৈছে আৰু ইয়াৰ ফলত নাটনিৰ সৃষ্টি হৈছে৷ কভিডৰ ক্ষেত্ৰত ৮৫-৯০% লোকৰ সাধাৰণ জ্বৰ, পানী লগা হয়, ইয়াৰ বাবে অক্সিজেন, ৰেমডেচিভিৰৰ প্ৰয়োজন নাই৷ তেওঁ লগতে কয় যে যিসকল ৰোগী ঘৰত আছে আৰু তেওঁলোকৰ অক্সিজেনৰ মাত্ৰা ৯৪ ৰ অধিক তেওঁলোকে ৰেমডেচিভিৰ লোৱাৰ প্ৰয়োজন নাই৷ আনহাতে ত্ৰেহানে কয় যে আৰ টি পি চি আৰ পৰীক্ষাত পজিটিভ আহিলে তেনে ক্ষেত্ৰত ৰোগীয়ে স্থানীয় চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে আৰু তেওঁ চিকিৎসা আৰম্ভ কৰিব৷ তেওঁৰ মতে ৯০% ৰ অধিক লোক ঘৰতে আৰোগ্য হৈ পৰে৷ তেওঁৰ মতে, ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ আগতে সকলোৱে দুখন মাস্ক পিন্ধিব লাগে৷ ভিতৰত ছাৰ্জিকেল মাস্ক আৰু তাৰ ওপৰত এন ৯৫ বা কাপোৰৰ মাস্ক পিন্ধিব লাগে, যাতে ভাইৰাছ ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰে৷ তেওঁ ভিৰ হোৱা স্থান, বিয়া আদি অনুষ্ঠানৰ পৰা আঁতৰি থাকিবলৈ আহবান জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here