ছয়াবিন তেলৰ উপকাৰিতা কি জানেনে?

0
779
উদ্ভিজ প্ৰ’টিনৰ  উপাদানবোৰৰ অন্যতম এবিধ ছয়াবিন৷ ই সম্ভৱ হৈছে ছয়াবিনত বিদ্যমান প্ৰ’টিন, নানা ভিটামিন আৰু পুষ্টিগুণৰ কাৰণে৷ ছয়াবিনে শৰীৰৰ ক্ষতিকাৰক কলেষ্টৰেল কমোৱাত সহায় কৰে৷ মানৱ শৰীৰৰ প্ৰয়োজনীয় উপাদান ভিটামিন-B Complex, থায়মিন, নিয়াছিন, ফলিক এচিড আৰু ৰিবোফ্লাবিনেৰ অন্যতম উৎস ছয়াবিন৷ ছয়াবিনৰ পৰা তৈয়াৰী তেল আমাৰ স্বাস্থ্যৰ পক্ষে যথেষ্ট উপকাৰী৷ ছয়াবিন তেলে কিদৰে উপকাৰ কৰে জানো আহক৷

(১) যিসকল লোকে হাৰ্ট বা লিভাৰৰ সমস্যাত ভুগি আছে, তেওঁলোকে ছয়াবিন তেল খাওক৷ কিয়নো মানৱ শৰীৰৰ প্ৰয়োজনীয় উপাদান ভিটামিন-B Complex, থায়মিন, নিয়াছিন, ফলিক এচিড আৰু Riboflavinৰ অন্যতম উৎস ছয়াবিন৷


(২) মাছ, মাংস, কণীত থকা প্ৰাণীজ প্ৰ’টিনৰ সমতুল্য প্ৰ’টিন ছয়াবিনত পোৱা যায়৷


(৩) ছয়াবিন তেলত ফেট বা চৰ্বিৰ পৰিমাণ কম থাকে৷ সেয়েহে শৰীৰৰ ওজন হ্ৰাসত ছয়াবিন তেলে সহায় কৰে৷

Soybean oil linked to genetic changes in brain, claims study - The Week


(8) ছয়াবিনত থকা ভিটামিন-E, লেছিথিন জাতীয় এণ্টিঅক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷


(৫) ছয়াবিন তেল হাড় আৰু দাঁত মজবুত কৰাত সহায় কৰে৷ ইয়াত থকা আইৰনে মানৱ শৰীৰৰ তেজৰ সুস্থতা ধৰি ৰাখে৷


(৬) নিয়মিত ছয়াবিন তেল খালে মহিলাৰ স্তন কেঞ্চাৰ হোৱাৰ সম্ভাৱনা কমে৷ বয়ঃসন্ধিকালৰ মহিলাসকলে ছয়াবিন তেল খোৱা উচিত৷ ছয়াবিন তেলে প্ৰষ্টেট কেঞ্চাৰ প্ৰতিৰোধ কৰে৷


(৭) সাধাৰণতে কৈশোৰ বয়সত ল’ৰা-ছোৱালীৰ মুখ, গলত শালমইনা, ক’লা দাগ পৰে৷ এইবোৰ সমস্যা দূৰ কৰিবলৈ ছয়াবিন তেল খোৱা উচিত৷


(৮) ছয়াবিন তেলত থকা প্ৰ’টিনে মস্তিষ্কৰ cerebral cortexক সতেজ কৰি ৰাখে, যিয়ে মস্তিষ্কৰ কাম-কাজৰ ক্ষমতা বঢ়ায়৷ ছয়াবিন তেলত থকা Lecithin মস্তিষ্ক গঠনৰ অন্যতম উপাদান৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here