ছুইগী, জমেট’ৰ বয় ড্ৰাগ্‌ছ সৰবৰাহকাৰীৰ বেশত

0
2219
অসমত যোৱা এমাহ ধৰি অসম আৰক্ষীয়ে ড্ৰাগ্‌ছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ প্ৰতিদিনে মহানগৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ড্ৰাগ্‌ছ ব্যৱসায়ৰ লগত জড়িতক গ্ৰেপ্তাৰ কৰাৰ লগতে ড্ৰাগ্‌ছ জব্দ কৰি আহিছে৷ এইবাৰ আকৌ সৰিয়হৰ ডুলিতে ভূত৷ খোদ মহানগৰীতে ড্ৰাগ্‌ছ সৰবৰাহৰ সৈতে জড়িত খাদ্য যোগানকাৰী জমেট’ আৰু ছুইগীৰ ডেলিভাৰী বয়ক গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে৷ মিনি লকডাউনৰ সুবিধা লৈ হ’ম ডেলিভাৰী দিয়া যুৱকে চলাইছে ড্ৰাগ্‌ছৰ ব্যৱসায়৷ ড্ৰাগ্‌ছৰ বিৰুদ্ধে ৰাজ্যজুৰি ধাৰাবাহিক অভিযান চলি থকাৰ সময়তে যোৱা ৭ জুনত গুৱাহাটীৰ পল্টনবজাৰ আৰক্ষীৰ এটা দলে দক্ষিণ শৰণীয়াত চলোৱা এটা অভিযানত মহানগৰত খাদ্যৰ হ’ম ডেলিভাৰী দিয়া এজন যুৱক ড্ৰাগ্‌ছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ কথা পোহৰলৈ আহিছে৷ বিভিন্ন সময়ত এনে খাদ্যৰ হ’ম ডেলিভাৰী দিয়া একাংশ যুৱক ড্ৰাগ্‌ছৰ ব্যৱসায়ত জড়িত থকা বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়ত দক্ষিণ শৰণীয়াৰ ব্ৰজেন দাস নামৰ যুৱকজন জড়িত থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দক্ষিণ শৰণীয়াত আৰক্ষীয়ে চলোৱা এই অভিযানত শুভাংকৰ সৰকাৰ আৰু গায়ত্ৰী ৰয়  নামৰ এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰিছে৷ অভিযান কালত আৰক্ষীয়ে ১৩টা সন্দেহজনক ব্ৰাউন ছুগাৰভৰ্তি কণ্টেইনাৰ জব্দ কৰিছে৷ ব্ৰাউন ছুগাৰখিনিৰ পৰিমাণ প্ৰায় ৬ গ্ৰাম৷ পল্টনবজাৰ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তিনিওজনকে সোধা-পোছা কৰি আছে৷ আনহাতে মহানগৰ আৰক্ষীৰ এই ধাৰাবাহিক অভিযানৰ মাজতে বশিষ্ঠ আৰক্ষীয়ে বিমলা কলিতা নামৰ এগৰাকী ড্ৰাগ্‌ছ ব্যৱসায়ীৰ বিৰুদ্ধে ন্যায়ালয়ত সময়মতে চাৰ্জশ্বিট দাখিল কৰিব নোৱৰাৰ বাবেই তেওঁ জামিন লাভ কৰা বুলি জানিব পৰা গৈছে৷ আনহাতে অভিযানৰ সমানে সমানে আৰক্ষীয়ে অভিযুক্ত দুৰ্ধৰ্ষ ড্ৰাগ্‌ছ ব্যৱসায়ীৰ বিৰুদ্ধে উপযুক্ত চাৰ্জশ্বিট দাখিল কৰিব নোৱাৰিলে অচিৰেই একাংশ অপৰাধীয়ে জামিন লাভ কৰাৰ সম্ভাৱনা আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here