ছিফিলিছ ৰোগে মহামাৰীৰৰূপ লৈছে আমেৰিকাত

0
161

আমেৰিকাত সাতটাৰো অধিক দশকত যৌন সংক্ৰামক ৰোগ ছিফিলিছৰ ব্যাপক সংক্ৰমণ হৈছে আৰু একপ্ৰকাৰ মহামাৰীৰ ৰূপ লৈছে৷ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যনৰ এখন নতুন প্ৰতিবেদন মতে ২০১৮ চনৰ পৰা ২০২২ চনৰ ভিতৰত আমেৰিকাত ছিফিলিছ হোৱাৰ লোকৰ সংখ্যা প্ৰায় ৮০ শতাংশ বাঢ়ি দুই লাখ সাত হাজাৰ হয়গৈ৷ চি ডি চিয়ে কয় যে ২০২২ চনত জন্ম হোৱা ৩৭৫৫ টা কেঁচুৱাৰ ছিফিলিছ ধৰা পৰে৷ যোৱা দশকটোত এনেকুৱা ঘটনা ৯৩৭ শতাংশ বৃদ্ধি পায়৷ স্বাস্থ্য আৰু মানৱ সেৱা সচিব জেভিয়াৰ বেচেৰাই কয় যে আমাৰ দেশত ছিফিলিছৰ সংকট অগ্ৰহণীয়৷ উল্লেখ্য যে আমেৰিকাত ১৯৫১ চনত এক লাখ সত্তৰ হাজাৰ লোক ছিফিলিছৰ আক্ৰান্ত হৈছিল৷ কিন্ত এণ্টিবায়’টিক সহজলভ্য হোৱাৰ পাছত এই ৰোগৰ সংক্ৰমণ দ্ৰুতগতিত হ্ৰাস পাইছিল৷ কিন্তু যোৱা দুটা দশকত এই ৰোগৰ সংক্ৰমণ পুনৰ বৃদ্ধি পাবলৈ ধৰে আৰু অভাৱনীয়ভাৱে এই ৰোগত আক্ৰান্ত হয়৷ উল্লেখ্য যে অসুৰক্ষিত যৌন সম্পৰ্কৰ কাৰণে ট্ৰেপ’নেমা পলিদাম নামৰ বেক্টেৰিয়া বা জীৱাণুৰ কাৰণে ছিফিলিছ ৰোগ হয়৷ ই এবিধ যৌন সংক্ৰামক ৰোগ৷ বিশেষজ্ঞৰ মতে আজিকালি যৌনকৰ্মত কণ্ডম কমকৈ ব্যৱহাৰ কৰাৰ কাৰণে এই ৰোগৰ সংক্ৰমণ দ্ৰুতভাৱে বৃদ্ধি পাাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here