ছিংগাপুৰত কৰ’নাৰ নতুন ষ্ট্ৰেইন

0
1397

দেশখনত এই নতুন ষ্ট্ৰেইনৰ দ্বাৰা সৰ্বাধিক সংখ্যক শিশু সংক্ৰমিত হোৱাৰ পাছত চৰকাৰে দেশখনত সকলো বিদ্যালয় তথা জুনিয়ৰ কলেজ বন্ধ কৰাৰ কথা ঘোষণা কৰে৷

ছিংগাপুৰত চিনাক্ত কৰা কৰ’না ভাইৰাছৰ এটা নতুন ষ্ট্ৰেইনক লৈ সমগ্ৰ বিশ্ব উদ্বিগ্ন হৈ পৰিছে৷ কৰ’নাৰ এই নতুন ৰূপে সংক্ৰমণৰ লক্ষ্য কৰি লৈছে শিশুক৷ দেশখনত এই নতুন ষ্ট্ৰেইনৰ দ্বাৰা সৰ্বাধিক সংখ্যক শিশু সংক্ৰমিত হোৱাৰ পাছত চৰকাৰে দেশখনত সকলো বিদ্যালয় তথা জুনিয়ৰ কলেজ বন্ধ কৰাৰ কথা ঘোষণা কৰে৷ ছিংগাপুৰৰ শিক্ষা মন্ত্ৰী ছান চুন সিঙে কয় যে কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেইন অতি সংক্ৰামক আৰু ই শিশুক বেছিকৈ সংক্ৰমিত কৰা দেখা পোৱা গৈছে৷ তেওঁ অৱশ্যে এই কথাও কয় যে এই ষ্ট্ৰেইনৰ সংক্ৰমণ হোৱা কোনো শিশুৰে অৱস্থা গুৰুতৰ নহয়৷ ছিংগাপুৰ চৰকাৰে এইবুলিও সতৰ্ক কৰি দিয়ে যে ভাৰতত পোৱা কৰ’নাৰ নতুন ৰূপেও শিশুক অধিক সংক্ৰমিত কৰিব পাৰে৷ ইফালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ছিংগাপুৰত সংক্ৰমণ হোৱা কৰ’নাৰ নতুন ষ্ট্ৰেইনক লৈ উদ্বেগ প্ৰকাশ কৰিছে৷ তেওঁ দেশখনৰ লগতে বিমান সেৱা অতি সোনকালে বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহবান জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here