ছাল আৰু চুলিৰ পৰা পেটৰ সমস্যালৈকে…বটৰ গুণ জানিলে আপুনি অবাক হ’ব

0
445


.প্ৰকৃতিৰ বুকুত এনে বহুতো গছ-গছনি আছে, যি খুবেই গুৰুত্বপূৰ্ণ৷ ইয়াৰ ভিতৰত কিছুমান গছক মানুহে দেৱতা জ্ঞান কৰি পূজা-অৰ্চনা কৰাও দেখা যায়৷ এইসমূহ গছৰ ধৰ্মীয় গুৰুত্ব যেনেদেৰ আছে, ঠিক একেদৰে এইবোৰ গছ মাৰাত্মক ৰোগৰ চিকিৎসাৰ বাবেও যথেষ্ট কাৰ্যকৰী হিচাপে বিবেচিত হৈছে৷ এই গছসমূহ সঠিকভাৱে ব্যৱহাৰ কৰিলে বহু ৰোগ একেবাৰে নিৰ্মূল কৰাও সম্ভৱ৷ এই গছবিধ সকলোৰে পৰিচিত৷ যাৰ নাম বট গছ৷ হিন্দু ধৰ্মত বট গছক পৱিত্ৰ বুলি গণ্য কৰা হয়৷ ভাৰতৰ সকলো ঠাইতে এই গছ দেখা পোৱা যায়৷ কিন্তু বহুতেই হয়তো নাজানে যে এই গছত লুকাই আছে ঔষধিগুণ৷ বাকলিৰ পৰা পাতলৈকে ইয়াৰ প্ৰতিটো অংশই ৰোগ নিৰাময়ৰ বাবে মহৌষধ হিচাপে কাম কৰে৷ জানো আহক এই গছৰ কোন অংশই কি ৰোগ প্ৰতিৰোধ কৰিব পাৰে৷
উদ্ভিদ বিজ্ঞানৰ অধ্যাপক চি এল নিগোৱালে কোৱা মতে এই বটগছ হ’ল এনে এবিধ বৃক্ষ, যাক এণ্টিমাইক্ৰ’বিয়েল, এণ্টিঅক্সিডেণ্ট উপাদান পোৱা যায়৷ ইয়াৰ উপৰি হেনছেন, বুটানাল, এগিন এলবুমিন, মেলিক এচিড, হাইপোগ্লাইচেমিকৰ দৰে বহুতো উপাদান থাকে৷ এইবোৰ উপাদানে মানৱ দেহৰ বিভিন্ন মাৰাত্মক ৰোগ দূৰ কৰাত সহায় কৰে৷ বিশেষজ্ঞই জনোৱা মতে যিকোনো চৰ্মৰোগৰ ক্ষেত্ৰত খুব ভাল কাম কৰে বট গছৰ পাতে৷ ছালৰ ৰোগত আক্ৰান্ত ব্যক্তিয়ে যদি বট গছৰ পাতৰ ক্বাথ বনাই ফোঁহা, ছালৰ খজুৱতি, ছালৰ খৰ আদিত লগাই তাৎক্ষণিকভাৱে উপশম পাব পাৰি৷ আনহাতে বট গছৰ কুমলীয়া পাত, বাকলি আদিৰ ক্বাথ তৈয়াৰ কৰি সেৱন কৰিলে পেটৰ বিভিন্ন ৰোগ, ডায়েৰিয়া, আমাশয় নিৰাময় হয়৷ কলেষ্টৰেল নিয়ন্ত্ৰণত এই ৰস উপযোগী৷ বটগছৰ শিপাত এক বিশেষধৰণৰ এচিড পোৱা যায়, স্বাস্থ্যৰ বাবে যি খুব উপকাৰী৷ এই গছৰ ঠানি বা ডাল দন্তমঞ্জন হিচাপে ব্যৱহাৰ কৰিব পাৰি৷ ইয়াৰ ফলত দাঁত মজবুত হোৱাৰ লগতে দাঁতৰ স্বাস্থ্য ভালে থাকে৷ ডায়েবেটিছ ৰোগত ভোগাসকলে ইয়াৰ ৰস সেৱন কৰিলে সুফল পাব পাৰে৷ যিসকলে গাৰ বিষ-বেদনা আদিত ভুগি আছে, তেওঁলোকে এই গছৰ পাতৰ ৰস সেৱন কৰিলে উপশম পাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here