ছালৰ সুৰক্ষাত পদিনাৰ ভূমিকা কি?

0
438
পদিনা– এই শাকজাতীয় উদ্ভিদবিধ আমাৰ সকলোৰে প্ৰিয়৷ পদিনাৰ চাটনিৰ সোৱাদৰ বাবে আমাৰ পেটলৈ এগৰাহ ভাত সৰহকৈ যায়, বিশেষকৈ ইয়াৰ সুঘ্ৰাণে সকলোকে জিভাৰ পানী পেলায়৷ পদিনাৰ যে অকল সোৱাদেই সুকীয়া এনে নহয়, ইয়াৰ আছে অনেক ঔষধি গুণ৷ পদিনাৰ বিভিন্ন গুণাগুণৰ লগতে ই আমাৰ ছালখনত কিদৰে সুৰক্ষা প্ৰদান কৰে, জানো আহক৷

(১) পদিনাত থকা এণ্টিবেক্টেৰিয়েল উপাদানে ছাল পৰিষ্কাৰ কৰি ৰাখে৷ ইয়াৰ উপৰি পদিনাই টোনাৰ আৰু মইশ্বৰাইজাৰ হিচাপে কাম কৰে৷


(২) পদিনাত Salicylic Acid আৰু ভিটামিন-A থাকে বাবে ছালৰ চেবাম নিঃসৰণ নিয়ন্ত্ৰণ কৰে৷ ফলত শালমইনাৰ সমস্যাৰ পৰা ৰক্ষা পাব পাৰি৷ আনহাতে পদিনাত জীৱাণুনাশক নিয়ন্ত্ৰণ ক্ষমতা থকাৰ বাবে ছালত লগালে ছালৰ ছিদ্ৰ পৰিষ্কাৰ হৈ থাকে৷

Mint Leaves Have Soothing Benefits For Irritated Skin


(৩) ছালৰ কটা-ছিঙা, ক্ষতস্থান আদিত পদিনাই ঔষধৰ কাম কৰে৷ এইধৰণৰ সমস্যাবোৰত পদিনাৰ ৰস উলিয়াই লগালে সুফল পোৱা যায়৷


(8) ছালৰ আদ্ৰৰ্তা ধৰি ৰাখিবলৈ পদিনাৰ ৰস ছালত লগাওক৷ পদিনাই ছালৰ ৰক্ত সঞ্চালন বৃদ্ধি কৰে৷ ইয়াৰ লগতে বলিৰেখা নিয়ন্ত্ৰণ কৰিবলৈ পদিনা কাৰ্যকৰী৷


(৫) ডাৰ্ক চাৰ্কল দূৰ কৰিবলৈ পদিনা উত্তম৷ ইয়াত যিহেতু এণ্টিঅক্সিডেণ্ট থাকে, সেয়ে ডাৰ্ক চাৰ্কল দূৰ কৰাত সহায় কৰে৷

Remove dark circles mint formula remedy diy - YouTube


(৬) ছালৰ উজ্জ্বলতা বৃদ্ধিত পদিনা উপকাৰী৷ পদিনাত এণ্টিছেপটিক উপাদান থাকে বাবে নিয়মিত ব্যৱহাৰ কৰিলে ছাল উজ্জ্বল আৰু মসৃণ কৰি ৰাখে৷ আনহাতে সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা পদিনাই ছালখনক সুৰক্ষা দিয়াত অৰিহণা যোগায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here