ছালৰ যতনত ভিটামিন-A কিমান প্ৰয়োজনীয়?

0
1896


সকলো মানুহে কেৱল শৰীৰৰ সুস্বাস্থ্যৰ বাবেহে ডায়েট প্লেন কৰে৷ ছালৰ স্বাস্থ্যৰ কথা প্ৰায়ে অৱহেলা কৰা দেখা যায়৷ কিন্তু জনা উচিত যে আমি যি খাওঁ, ইয়াৰ প্ৰভাৱ আমাৰ শৰীৰৰ লগতে ছালখনতো পৰে৷ সেয়েহে ডায়েট প্লেন কৰোঁতে ছালখনকো নজৰত ৰাখি কৰিব লাগে বিভিন্ন ধৰণৰ পোষক তত্ত্ব বিশেষকৈ ভিটামিন আমাৰ ছালৰ স্বাস্থ্যৰ কাৰণে উত্তম৷ ইয়াৰ ভিতৰত ভিটামিন-এ ছালৰ কাৰণে বহুত উপকাৰী৷ ভিটামিন-এত ৰেটিনল নামৰ এবিধ উপাদান থাকে, যিয়ে ছালৰ নতুন কোষৰ বিকাশত সহায় কৰে৷ ইয়াৰ উপৰি ভিটামিন-এত বিটা কেৰ’টিনৰ দৰে এণ্টিঅক্সিডেণ্ট প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে কলাজেন নষ্ট কৰা ৰেডিকেলৰ সৈতে যুদ্ধ কৰি অকাল বাৰ্ধক্যতাৰ পৰাও ৰক্ষা কৰে৷ অকল এয়াই নহয়, ভিটামিন-এ সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰাও ছালখনক সুৰক্ষা প্ৰদান কৰে৷ গতিকে এতিয়াৰ পৰা আপুনিও ছালখনৰ ওপৰত গুৰুত্ব দিহে ডায়েট প্লেন বনাব৷ মনত ৰাখিব যাতে ভিটামিন-এযুক্ত খাদ্যয়ো আপোনাৰ খাদ্য তালিকাত স্থান পায়৷
তেন্তে আহকচোন ভিটামিন-A যুক্ত কিছুমান খাদ্যৰ বিষয়ে জানি লওঁ–

(১) বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন-A পোৱা যায়৷ ইয়াৰ ৰস দৈনিক সেৱন কৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়৷ ইয়াক চালাড হিচাপেও খাব পাৰি৷


(২) গাজৰত থকা ভিটামিন-A ত প্ৰচুৰ পৰিমাণে বিটা কেৰ’টিন থাকে৷ যিয়ে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ লগতে মুখৰ ক’লা দাগ দূৰ কৰে৷ ইয়াৰ বাবে দৈনিক গাজৰৰ ৰস সেৱন কৰিব লাগে৷


(৩) ব্ৰকলিত প্ৰচুৰ পৰিমাণে জিংক, ভিটামিন-A আৰু ভিটামিন-C থাকে৷ ইয়াত থকা লুটেইনে বিটা কেৰ’টিনৰ দৰে কাম কৰে, যিয়ে শুকান ছালৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে বয়সৰ চাপ দূৰ কৰে৷


(৪) ৰঙালাউত এবিধ কেৰ’টিনয়ড-আলফা-কেৰ’টিন নামৰ উপাদান থাকে, যি শৰীৰত ভিটামিন-A লৈ পৰিৱৰ্তন হয়৷ ৰঙালাউ-এ সূৰ্যৰ ৰশ্মিৰ পৰা ছালখনক সুৰক্ষা প্ৰদান কৰে আৰু ৰিংকল আদিও নাইকিয়া কৰে৷ ইয়াত থকা ফ্ৰুট এইজাইমে প্ৰাকৃতিকভাৱে মৃত কোষসমূহ আঁতৰোৱাত সহায় কৰে৷


(৫) পালেং শাকত ভিটামিন-A, ভিটামিন-C আৰু ভিটামিন-K প্ৰচুৰ পৰিমাণে পোৱা যায়. যিয়ে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ লগতে মুখৰ ক’লা দাগ আঁতৰ কৰে৷ গতিকে এনেধৰণৰ ভিটামিন-এযুক্ত খাদ্য গ্ৰহণে ভিতৰৰ পৰা ছালখনক পৰিষ্কাৰ কৰি আপোনাৰ সৌন্দৰ্য বৃদ্ধি কৰাত অৰিহণা যোগাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here