ছানবাৰ্নৰ প্ৰতিকাৰস্বৰূপ নাৰিকল তেল : কিহৰ লগত ব্যৱহাৰ কৰিব?

0
2277


ঔষধি গুণবিশিষ্ট নাৰিকল তেলৰ বিষয়ে আমি সকলোৱে জানো৷ ইয়াক ৰন্ধন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰাৰ উপৰি বিভিন্ন কাৰ্যত ব্যৱহাৰ কৰা হয়৷ অৱশ্যে অসমৰ তুলনাত দক্ষিণ ভাৰতৰ ৰন্ধনশালত ইয়াক বহুলভাৱে ব্যৱহাৰ কৰা হয়৷ ইয়াত থকা লৰিক এচিডে আমাৰ শৰীৰৰ বিভিন্ন সংক্ৰমণৰ লগত যুঁজিবলৈ সহায় কৰে৷ প্ৰচলিত যে নাৰিকল তেলেৰে দৈনিক মূৰত মালিচ কৰিলে মগজু শীতল হৈ থাকে৷ কিন্তু আপোনালোকে জানেনে? সৌন্দৰ্যচৰ্চাত ইয়াৰ অৱদান কিমান উল্লেখনীয়৷


তেন্তে জানো আহক ছালখনৰ যতনত নাৰিকল তেল কেনেকৈ ব্যৱহাৰ কৰিব পাৰি–

(১) নাৰিকল তেলক ফেচৱাশ্ব হিচাপে ব্যৱহাৰ কৰিব পাৰি৷ ইয়াৰ বাবে নাৰিকল তেল গলাই লৈ বেকিং ছ’ডা আৰু আপোনাৰ পচন্দৰ যিকোনো তেল মিশ্ৰণ কৰি মুখ পৰিষ্কাৰ কৰাত ব্যৱহাৰ কৰিব পাৰি৷


(২) সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিয়ে আপোনাৰ ছালখনৰ আদ্ৰৰ্তা নাইকিয়া কৰাৰ লগতে বয়সৰ চাপ পৰাত অৰিহণা যোগায়৷ নাৰিকলৰ তেলে ছালখনক ছানবাৰ্নৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ উপৰি ছালখনক হাইড্ৰেট কৰি ৰখাত সহায় কৰে৷ ইয়াৰ বাবে প্ৰথমে এখন টাৱেল ভিজাই লৈ ছালখনৰ ওপৰত ঠাণ্ডা প্ৰলেপ দিব লাগে৷ ছালখন ঠাণ্ডা হোৱাৰ পাছত আক্ৰান্ত অংশত নাৰিকল তেলেৰে মাচাজ কৰিব লাগে৷


(৩) স্ক্ৰাব হিচাপেও নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰি৷ ইয়াৰ বাবে নাৰিকল তেলৰ লগত নাৰিকলৰ চেনি মিশ্ৰণ কৰি সপ্তাহত অন্ততঃ ২-৩ বাৰ স্ক্ৰাব কৰিব লাগে৷ এনেদৰে কৰিলে ছালৰ মসৃণতা ঘূৰি অহাত সহায়ক হয়৷


(৪) আজিকালি সকলোৱে মেকআপ কৰাটো ফেশ্বন হৈ পৰিছে৷ কিন্তু মেকআপ অধিক সময় ছালত থাকিলে ই আপোনাৰ ছালখনক অনিষ্ট কৰিব পাৰে৷ সেয়েহে সময়ত মেকআপ গুচোৱাটো অতি আৱশ্যক৷ গতিকে নাৰিকল তেলক মেকআপ ৰিম’ভাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰে৷ অন্য মেকআপ ৰিম’ভাৰতকৈ নাৰিকল তেলে আপোনাৰ ছালখনক হাইড্ৰেট কৰি ৰখাটো সহায় কৰে৷


(৫) ছালখনৰ লগতে ওঁঠযুৰিও আপোনাৰ সৌন্দৰ্য বৃদ্ধিৰ অন্যতম কাৰক৷ গতিকে ওঁঠযুৰিক মসৃণতা প্ৰদান কৰিবলৈ আপোনাৰ যিকোনো পচন্দৰ লিপবামৰ লগত নাৰিকল তেল কেইটোপালমান মিশ্ৰণ কৰি লগাব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here