চোৰে ঘূৰাই দিলে কৰ’নাৰ ভেক্‌চিন

0
1972

পত্ৰখনত চোৰে এইবুলি কয় যে সেইখিনি যে ভেক্‌চিন, সেই কথা তেওঁ নাজানিছিল৷

দেশত কভিডকালীন সংকটময় পৰিস্থিতিত বিভিন্নজনে নানাধৰণে আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াইছে৷ ইয়াৰ মাজতে চৌৰ্যবৃত্তিত জড়িত এজনেও মানৱতাৰ পৰিচয় দিয়ে৷ যোৱা ২১ এপ্ৰিলৰ নিশা এনে এটা আমোদজনক ঘটনা ঘটে হাৰিয়ানাত৷ দেশত কৰ’না ভেকচিনৰ তীব্ৰ নাটনিক লৈ বিভিন্ন অভিযোগ-প্ৰতিঅভিযোগ হোৱাৰ মাজতে হাৰিয়ানাৰ জিন্দৰ এখন অসামৰিক চিকিৎসালয়ৰ পৰা যোৱা ২১ এপ্ৰিলৰ নিশা চোৰে কৰ’না ভেক্‌চিনৰ ভালেমান ড’জ চুৰ কৰি নিয়ে৷ ২২ এপ্ৰিলত চোৰে কাষৰে এখন থানাত ভেক্‌চিনখিনি ঘূৰাই দিয়ে৷ ইয়াৰ লগতে এখন পত্ৰ লিখি থৈ যোৱাৰ লগতে এনে ভুলৰ বাবে ক্ষমাও বিচাৰে৷ পত্ৰখনত চোৰে এইবুলি কয় যে সেইখিনি যে ভেক্‌চিন, সেই কথা তেওঁ নাজানিছিল৷ জিন্দৰ এজন আৰক্ষী বিষয়াই এই কথা জনাইছে৷ তেওঁ জনোৱা মতে, চোৰে ২১ এপ্ৰিলত নিশা প্ৰায় ১২ বজাত ভেক্‌চিনখিনি চুৰ কৰি নিয়ে৷ ২২ এপ্ৰিলৰ দুপৰীয়া চোৰে থানাখনৰ কাষৰ এখন চাহৰ দোকানত এটা বেগত ভেক্‌চিন থৈ তাৰ পৰা পলায়ন কৰে৷ বেগটোৰ পৰা কভিশ্বিল্ড ১৮২ বটল আৰু কভেক্সিনৰ ৪৪০ ড’জ উদ্ধাৰ কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here