চুলি কিয় সৰে? জানো আহক

0
671
আজিকালি প্ৰত্যেকজন ব্যক্তিয়ে চুলি সৰা সমস্যাক লৈ চিন্তিত হোৱা দেখা যায়৷ কিছুমানৰ ক্ষেত্ৰত চুলি সৰাটো বা চুলি কম হোৱাটো জেনেটিক কাৰণ হ’লেও আন কিছুমানৰ ক্ষেত্ৰত বেলেগ কাৰণো হ’ব পাৰে৷ পুৰুষ-মহিলা উভয়ে চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি হাবাথুৰি খোৱা পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়৷ কিন্তু চুলি কিয় সৰে– আপুনি জানেনে?

[১] চুলি সৰাৰ অন্যতম কাৰণ হৈছে স্ত্ৰেচ৷ যেতিয়া শৰীৰত অত্যধিক Cortisol hormone বাহিৰ হয়, তেতিয়া ইয়াৰ প্ৰভাৱ পৰোক্ষভাৱে আপোনাৰ স্বাস্থ্যৰ লগতে চুলিতো পৰে৷ ফলস্বৰূপে অকালতে চুলি সৰাৰ সমস্যাই দেখা দিয়ে৷

Homewood Health - Six Steps to Reducing Work Stress


[২] হৰমনৰ অসন্তুলন হ’লেও চুলি সৰাৰ সমস্যাই দেখা দিয়ে৷ গৰ্ভাৱস্থা নাইবা প্ৰসৱৰ পাছত, যৌৱনপ্ৰাপ্ত অৱস্থাত হৰমনৰ অসন্তুলনৰ ফলত আমাৰ শৰীৰত কিছুমান পৰিৱৰ্তনে দেখা দিয়ে, যাৰ ফলত চুলি সৰা আৰম্ভ কৰে৷

Here's how pregnancy can affect your hair health and how to deal with it


[৩] কেতিয়াবা ফাংগাল ইনফেক্‌শ্যন, উফি আদিৰ ফলতো চুলি সৰা আৰম্ভ কৰে৷ সাধাৰণতে গৰমৰ দিনত চুলিৰ গুৰি অত্যধিক ঘামি থকাৰ ফলত চুলিৰ গুৰি নৰম হৈ সৰিবলৈ ধৰে৷

Why does our hair fall when we sweat excessively - lifealth


[8] শৰীৰত আইৰন, জিংক, প্ৰ’টিন আৰু ভিটামিন-D-ৰ অভাৱ হ’লেও চুলি সৰে৷


[৫] ভিজা চুলি সোনকালে শুকাবলৈ ব্যৱহাৰ কৰা ড্ৰায়াৰে চুলিৰ গুৰি কমজোৰ কৰি চুলি সৰাত অৰিহণা যোগায়৷

The Healthiest Way To Dry Your Hair – clio style

LEAVE A REPLY

Please enter your comment!
Please enter your name here