চীনা বিহগছ হ’লগৈ ধনঘটা উপায় (B.M.Hegde)

0
2131

চীনৰ উত্তৰ প্ৰান্তৰ এন্ধাৰ ,শীতল ঊষৰ ভূমিৰ প্ৰতিকূল বতৰৰ মাজত এবিধ সৰু উদ্ভিদ গজে।ৰঙা ইষ্ট ধান নামৰ এই সৰু সোৱাদ যুক্ত উদ্ভিদজোপাৰ স্থানীয় শত্ৰু বহুত। এনে প্ৰতিকূল পৰিৱেশত স্থানীয় শত্ৰুৰ পৰা বাচিবলৈ প্ৰকৃতিয়ে এই উদ্ভিদজোপাকো এবিধ অস্ত্ৰ প্ৰদান কৰি থৈছে। এই ধান বিধে লভাষ্টেটিন(lovastetin) নামৰ এবিধ বিহ উৎপাদন কৰে, ফলত ইয়াক খাবলৈ সাহ কৰা স্থানীয় শত্ৰুবোৰ মৃত্যু মুখত পৰে।
আমেৰিকাৰ এজন গৱেষকে অধিক গৱেষনাৰ বাবে এই বিষাক্ত দ্ৰৱ্য সংগ্ৰহ কৰি আনে। আমেৰিকাৰ সৈন্যবাহিনীৰ গৱেষকে এই বিষাক্ত দ্ৰৱ্য অপ্ৰয়োজনীয় জ্ঞান কৰে।‌ এই বিষাক্ত দ্ৰৱ্য বিধে লিভাৰৰ HMG-CoA ৰিডাকটেইজ নামৰ উৎসেচক এবিধৰ কাৰ্য অৱৰুদ্ধ কৰে। এই উৎসেচক বিধৰ কাম হ’ল লিভাৰত কলেষ্ট্ৰল উৎপাদন কৰা| ঔষধ লবীয়ে(lobby)গম পালে যে লভাষ্টেটিন নামৰ বিহ বিধে সামান্য মাত্ৰাতে লিভাৰৰ কলেষ্ট্ৰল উৎপাদনৰ কাম বন্ধ কৰি দিয়ে।
ইতিমধ্যে কলেষ্ট্ৰল ,যি মানৱ শৰীৰৰ অন্যতম জীৱনীয় উপাদান তাক শৰীৰৰ শত্ৰু হিচাবে চিনাক্ত কৰি যি কোনো মুল্যত ইয়াক কমোৱাৰ চিন্তা জনসাধাৰণৰ মনত সুমুৱাই দিয়া হৈছিল। বহুতেই নাজানে যে আচলতে এইটো এটা জীয়া ফাঁকি। কিন্তু আমি ৰাইজক ফাঁকি দিওঁ।কাৰণ সত্য আৰু ঔষধৰ ব্যৱসায় একেলগে নচলে।
ঔষধৰ জগতত লিভাৰে আমাৰ দেহৰ প্ৰয়োজনত উৎপাদন কৰা কলেষ্ট্ৰল কমাবৰ বাবে লভাষ্টেটিনৰ দৰে সুন্দৰ ঔষধ নাছিল। ঔষধ লবীৰ “শুদ্ধচিন্তক” সকলে নিশ্চয়কৈ এটা সুন্দৰ উপায় পালে। কি কাৰণেনো লিভাৰৰ কলেষ্ট্ৰল উৎপাদন বন্ধ কৰিবৰ বাবে চীনৰ বিষাক্ত ধানৰ বিহ ব্যৱহাৰ কৰা নাযাব? ইয়াৰ আগলৈকে এই কামত দিনে তিনিবাৰ বালিৰ দৰে লগা কলেষ্ট্ৰমাইন নামৰ ঔষধ দুই চামোচকৈ খাব লগা হৈছিল। বেছি ভাগেই বমি কৰে আৰু ঔষধ খোৱা বন্ধ কৰে। ব্যৱসায় এই ক্ষেত্ৰত মন্দ হৈ পৰিছিল। ইতিমধ্যে উদ্ভিদ বিহ বিধ সহজলভ্য হৈছিল।
সোনকালেই লভাষ্টেটিনে কাৰ্যক্ষম ভাৱে তেজৰ কলেষ্ট্ৰল কমোৱাৰ যথেষ্ট তথ্য সৃষ্টি কৰা হয়। FDA ই নিজস্ব পদ্ধতিৰে তেজৰ কলেষ্ট্ৰল কমোৱা ঔষধটোৰ অনুমোদন দিয়ে। কোম্পানীৰ “চিন্তাশীল” লোক সকলে গোটেই পৃথিৱীত ঔষধৰ গুনগান বিয়পোৱাৰ চেষ্টাত ব্ৰতী হৈ পৰে। বিজ্ঞানীসকলক ভোজ ভাতেৰে আপ্যায়িত কৰা বিশেষ কনফাৰেণ্চ(conference)বোৰৰ লগে লগে এই ঔষধৰ ব্যৱসায়ী কোম্পানীৰ লাভো ত্বৰান্বিত হ’বলৈ ধৰে। কোম্পানীৰ অংশীদাৰ সকলৰ লাভ বৃদ্ধিৰ লগত বিষয়া সকলৰ সাফল্যৰ জখলাও উধাব ধৰে।
পঢ়ুৱৈ সকলৰ বাবে তেনে এখন বিখ্যাত কনফাৰেন্চৰ বিষয়ে ধাৰণা দিব খুজিছো। এইখন হ’ল (transatlantic coference on cholesterol) ট্ৰেন্স আটলাণ্টিক কনফাৰেণ্চ অন কলেষ্ট্ৰল। সন্মিলনৰ সভাপতিত্ব কৰিছিল বিখ্যাত স্কটিচ বিজ্ঞানী চাৰ মাইকেল অলিভাৰে (Professor of cardiology at the royal infirmary of edinburg,FRS,term president of Royal college of physician of edinburg) | এই গুণী বিজ্ঞানী জনে সভাপতিত্ব কৰা সন্মিলনখন স্নেহ পদাৰ্থই কৰিব পৰা সিৰাগত ৰোগ সম্বন্ধে কোনো সিদ্ধান্তত সম্পুৰ্ণ অসন্মতিত সমাপ্ত হয়। কিন্তু যেতিয়া বিজ্ঞানী জনে ঘৰমুৱা জাহাজত নিউয়ৰ্ক টাইম খৱৰ কাগজখন খুলিলে দেখিলে যে তেওঁৰ নাম দি সন্মিলন খনত স্নেহ পদাৰ্থই ভাচকুলাৰ(vascular) ৰোগ কৰাত সৰ্বমত হোৱা বুলি বাতৰি পৰিবেশন কৰিছে। এনে মিথ্যা প্ৰচাৰৰ বাবে বিজ্ঞানী জন আচৰিত আৰু ক্ষোভিত হয়| তেখেতে এডিনবাৰ্গ পাই লেনচেট(Lancet) পত্ৰিকাত কলেষ্ট্ৰলৰ বিষয়ে সন্মতি নে অসন্মতি বুলি প্ৰৱন্ধ লিখে। ইয়াৰ পাছত সপক্ষে আৰু বিপক্ষে দীৰ্ঘ বাদ বিবাদ হয়| এইসমুহ পঢ়িলে বিষয়টো কিমান ডাৱৰে আৱৰা তাক অনুমান কৰিব পাৰি।
বৰ্তমান আমাৰ হাতত চীনা ধানবিধৰ বিহটো মানৱ শৰীৰৰ বাবে অপকাৰী বুলি যথেষ্ট তথ্য আছে। তেজত কলেষ্ট্ৰল কমোৱাত দ্ৰৱ্যবিধ সক্ষম যদিও অকাল মৃত্যু ৰোধ কৰাত কিমান সফল তাৰ তথ্য পোৱা নাযায়। প্ৰকৃততে আমাৰ তথ্যই দেখুৱাই যে দীৰ্ঘকাল ব্যৱহাৰে মৃত্যুৰ হাৰ বঢ়ায়। চিকিৎসা গৱেষণাত ৰোগীৰ মৃত্যুৰ এটা পৰিসংখ্যা বুলি লোৱা বাদে আন গুৰুত্ব নাই। এইটো ঘটে কি দৰে? আগতে উল্লেখ কৰা উৎসেচকটো HMG-CoA ৰিডাকটেইজে কিছুমান আন কামো কৰে। ইয়াৰ ভিতৰত গুৰুত্বপুৰ্ণ হ’ল মেৱালনিক এচিডৰ উৎপাদন, যিটো সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰ বাবে অতি জৰুৰী। কেতিয়াবা জন্মগত ভাৱে মেৱালিনিক এচিড অভাৱ হোৱা শিশুও হয়। এনে শিশু ১বছৰ বয়সত বুঢ়াৰ দৰে দেখি আৰু ২-৩বছৰ বয়সত মৃত্যু মুখত পৰে। কোনো চিকিৎসকে যদি এনে এটা শিশু দেখে জীৱনত এনে বিষাক্ত ঔষধ কাকো নিলিখিলে হয়। আৰু এটা গুৰুত্বপুৰ্ণ কথা হ’ল আমাৰ শৰীৰৰ কোষাৱৰণ নিৰ্মান হয় কলেষ্ট্ৰলৰ দ্বাৰা।কলেষ্ট্ৰল কমিলে কোষাৱৰণ পাতল হৈ কোষ ধ্বংশ( nacrosis) হ’ব আৰু তেনে কোষত কেঞ্চাৰ হোৱাৰ সম্ভাৱনাও বাঢ়ে।

এই বিষাক্ত দ্ৰৱ্য বিধৰ ওপৰত শেষ সিদ্ধান্ত হ’ল যে উত্তৰ চীনৰ প্ৰতিকূল বতৰৰ মাজত নিজৰ চিকাৰী বোৰৰ পৰা বাচিবলৈ ৰঙা ইষ্ট ধানৰ বাবে ই এপাত ঘাটক অস্ত্ৰ। মই (ডা: হেগড়ে) ঘাটক ৰোগ (terminal illness) ন’হলে এনে ঔষধ দিবলৈ সাহ নকৰো।

ভাৱানুবাদ – বৈদ্য (ডাঃ) সুজিত শাণ্ডিল্য
বিশ্বনাথ চাৰিআলি,
ভ্ৰাম্যভাষ-৯৭০৬০০১৭৩২

LEAVE A REPLY

Please enter your comment!
Please enter your name here