চীনতেই কৰ’না ভাইৰাছৰ উৎপত্তি– এই দাবী কাৰ?

0
1160

কৰ’না ভাইৰাছৰ সংক্ৰমণে সমগ্ৰ বিশ্বতে সৃষ্টি কৰা বিভীষিকা অব্যাহত আছে৷ আনহাতে এই ভাইৰাছৰ সংক্ৰমণ হৈ এইপৰ্যন্ত ৩৪ লাখতকৈ অধিক লোকৰ মৃত্যু হৈছে৷ ইয়াৰ পাছতো নভেল কৰ’না ভাইৰাছৰ উৎপত্তিক লৈ ৰহস্য অব্যাহত আছে৷ বিশ্বৰ ভালেমান দেশে এই বুলি মত প্ৰকাশ কৰিছে যে নভেল কৰ’না ভাইৰাছৰ উৎপত্তিৰ স্থান হ’ল চীনৰ উহান ইন্‌ষ্টিটিউট অব্‌ ভাইৰ’লজি৷ তেওঁলোকৰ মতে, চীনে এই মহামাৰীৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য লুকুৱাই ৰাখে আৰু সমগ্ৰ বিশ্বতে বিয়পায়৷ শেহতীয়াকৈ আমেৰিকাৰ চোৰাংচোৱাৰ তথ্যত এই বুলি প্ৰকাশ পাইছে যে কৰ’নাৰ সংক্ৰমণ বিয়পাৰ আগতেই উহানৰ গৱেষণাগাৰৰ তিনিজন বিজ্ঞানী গুৰুতৰভাৱে অসুস্থ হৈ পৰাৰ পাছত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হৈছিল৷ আমেৰিকাৰ চোৰাংচোৱাৰ তথ্য মতে, ২০১৯ চনৰ নৱেম্বৰতে এই বিজ্ঞানী তিনিজন অসুস্থ হৈ পৰিছিল৷ ৱাল ষ্ট্ৰীট জাৰ্নেলত এই বাতৰি প্ৰকাশ পাইছে৷ চোৰাংচোৱাৰ এই প্ৰতিবেদন আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কাৰ্যকালৰ শেষৰ দিনকেইটাত গৃহ বিভাগৰ তথ্যত সন্নিৱিষ্ট কৰা হৈছিল বুলি কোৱা হৈছে৷ এই প্ৰতিবেদনক লৈ বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়ববীয়াসকলে ভিন্ন মত পোষণ কৰিছে৷ একাংশৰ মতে, ই কৰ’নাৰ উৎপত্তিৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ তথ্য৷ আন একাংশৰ মতে, এই তথ্য আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ জৰিয়তে লাভ কৰা হৈছে আৰু সেয়েহে অধিক অনুসন্ধানৰ প্ৰয়োজন৷ উল্লেখ্য যে বিশ্বৰ আগশাৰীৰ কেইবাজনো মহামাৰী তথা ভাইৰাছ বিশেষজ্ঞৰ মতে, নভেল কৰ’না ভাইৰাছৰ উৎপত্তি ২০১৯ চনৰ নৱেম্বৰত উহানত হৈছিল৷ চীনৰ মতে, দেশখনত সেই বছৰৰ ডিচেম্বৰত এই ভাইৰাছৰ সংক্ৰমণ হোৱা প্ৰথমজন ব্যক্তি ধৰা পৰিছিল৷ আনহাতে দেশখনে এই ভাইৰাছৰ উৎপত্তিৰ সম্পৰ্কত বিতং তথ্যৰ এতিয়াও যোগান ধৰা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here