চিলাপথাৰৰ অক্সিজেন গেছৰ উদ্যোগত ৩.৯ মেট্ৰিক টন অক্সিজেন উৎপাদনৰ লক্ষ্য

0
866

ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত দুটাকৈ অক্সিজেনৰ প্ৰকল্প স্থাপনৰ কাম আৰম্ভ হৈছে৷১৮ৰ পৰা ৪৫ বছৰ বয়সৰ সকলো ব্যক্তিৰ কাৰণে প্ৰতিদিনে ১ লাখ কৰ’না ভেক্‌চিন দিব বুলিও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে৷

ৰাজ্য চৰকাৰে চিলাপথাৰত স্থাপন কৰা অক্সিজেন গেছ উদ্যোগটোত ২৪ ঘণ্টাত ৩.৯ মেট্ৰিক টন গেছ উৎপাদনৰ লক্ষ্য বান্ধি লৈছে৷ যোৱা ৩০ এপ্ৰিলত চিলাপথাৰৰ চিলা জনজাতি গাঁৱৰ ঔদ্যোগিক কেন্দ্ৰত স্থাপন হোৱা অক্সিজেন উদ্যোগ পৰিদৰ্শন কৰি স্বাস্থ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে ব্যক্ত কৰে৷ লুইত এয়াৰ নামৰ প্ৰতিষ্ঠানটোৰ সৈতে  এম অ’ ইউত চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত যোৱা ৩০ এপ্ৰিলত চিলাপথাৰত উপস্থিত হৈ তেওঁ পৰিস্থিতিৰ বুজ লয়৷ তেওঁ কয় যে ২৪ ঘণ্টা উদ্যোগটো চলিলে ৩.৯ মেট্ৰিক টন গেছ উৎপাদন কৰিব পাৰিব৷ স্থাপনৰ পাছতে বিদ্যুতৰ সমস্যাই দেখা দিয়ে যদিও কম সময়ৰ ভিতৰত বিদ্যুতৰ সমস্যা সমাধান হ’ব বুলি মন্ত্ৰীজনে লগতে উল্লেখ কৰে৷ যোৱা ৪ দিনত ৰাজ্যৰ কভিড পৰিস্থতি নিয়ন্ত্ৰণত আছে৷ তেওঁ চৰকাৰী নিৰ্দেশনাসমূহ মানি চলিবলৈ, জুম পাতি থাকিলে সংক্ৰমণ বেছি হোৱাৰ আশংকাও ব্যক্ত কৰে৷ তেওঁ লগতে উল্লেখ কৰে যে ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত দুটাকৈ অক্সিজেনৰ প্ৰকল্প স্থাপনৰ কাম আৰম্ভ হৈছে৷ ৰাজ্যখনত প্ৰতিদিনে ২২ মেট্ৰিক টন অক্সিজেন গেছৰ প্ৰয়োজন হয় আৰু বৰ্তমান ৬৮ মেট্ৰিক টন অক্সিজেন গেছ উৎপাদন হয়৷ আনহাতে মেঘালয় আৰু অৰুণাচল প্ৰদেশক ৰেমডেছিভিৰৰ যোগান ধৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷ ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ সকলো ব্যক্তিৰ কাৰণে প্ৰতিদিনে ১ লাখ কৰ’না ভেক্‌চিন দিব বুলিও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here