চিন্তা মুক্ত : অসম পালেহি ‘অক্সিজেন এক্সপ্ৰেছ’

0
1226

 কভিড ৰোগীৰ সংখ্যা বাঢ়ি যোৱাত ৰাজ্যত অক্সিজেনৰ চাহিদা বৃদ্ধি পাইছিল যদিও এতিয়াৰে পৰা অক্সিজেনৰ নাটনি নহ’ব৷ কিয়নো, ৮০ মেট্ৰিকটন মেডিকেল অক্সিজেন বহনকাৰী ৪টা দবা কঢ়িয়াই অনা ‘অক্সিজেন এক্সপ্ৰেছ’ ৰে’লখন যোৱা ২৩ মে’ত গুৱাহাটীত উপস্থিত হয়হি৷ এই অক্সিজেন কঢ়িয়াই অনা ৰে’লখন প্ৰতি সপ্তাহত দুবাৰকৈ অসমলৈ আহিব৷ যাৰ ফলত প্ৰতি সপ্তাহত ১৬০ টন অক্সিজেন অসমে লাভ কৰিব৷ জীৱনদায়িনী অক্সিজেন কঢ়িয়াই অনা  ৰে’লখন অসমলৈ প্ৰেৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পীয়ুষ গোৱেলে৷ যোৱা ২৩ মে’ত আমিনগাঁৱৰ ইনলেণ্ড কণ্টেইনাৰ ডিপ’ত অক্সিজেন বহন কৰি অনা ‘অক্সিজেন এক্সপ্ৰেছ’ ৰে’লখনক আনুষ্ঠানিকভাৱে আদৰণি জনায় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ উল্লেখ্য যে ঝাৰখণ্ডৰ পৰা যাত্ৰা আৰম্ভ কৰা অক্সিজেন এক্সপ্ৰেছ ২৩ মে’ৰ পুৱা গুৱাহাটীত উপস্থিত হয়৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অক্সিজেন এক্সপ্ৰেছৰ জৰিয়তে ৰাজ্যখনলৈ অতিৰিক্ত মেডিকেল অক্সিজেন আবণ্টন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে এই পদক্ষেপে ৰাজ্যখনত কভিড ৰোগীসকলৰ চিকিৎসাৰ বাবে বৰ্ধিত অক্সিজেনৰ প্ৰয়োজনীয়তা পূৰণ কৰাত যথেষ্ট সহায় কৰিব৷ সপ্তাহত দুবাৰকৈ মুঠ ১৬০ মেট্ৰিকটন অক্সিজেন লাভ কৰাৰ পাছত ৰাজ্যখনৰ নিজা প্ৰয়োজনীয়তা পূৰণ হোৱাৰ উপৰি অসমে উত্তৰ-পূবৰ  চুবুৰীয়া ৰাজ্য মেঘালয়, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু ত্ৰিপুৰালৈ অতিৰিক্ত অক্সিজেন যোগান ধৰিবলৈ সক্ষম হ’ব বুলিও তেওঁ অৱগত কৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্যখনত ৮০০ লিটাৰলৈকে মেডিকেল অক্সিজেন মজুতকৰণৰ ক্ষমতা আছে৷ উল্লেখ্য যে কভিড ৰোগীৰ চিকিৎসাৰ বাবে আৱশ্যকীয় অক্সিজেনৰ অভাৱ দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰি আছে যদিও অক্সিজেন এক্সপ্ৰেছৰ জৰিয়তে প্ৰতি সপ্তাহত ১৬০ মেট্ৰিকটন অক্সিজেন লাভ কৰাৰ ফলত অসমৰ লগতে উত্তৰ-পূবৰ ৰাজ্যসমূহো উপকৃত হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here