চমকপ্ৰদ উদ্ভাৱন : হাতেৰে কঢ়িয়াব পৰা ভেণ্টিলেটৰ নিৰ্মাণ

0
1036

সুখবৰ৷ কৰ’না মহামাৰীৰ দুৰ্যোগপূৰ্ণ পৰিস্থিতি আৰু চাৰিওফালে আতংকজনক পৰিৱেশৰ মাজতে তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ একান্ত প্ৰচেষ্টাত নিৰ্মাণ সম্পূৰ্ণ হোৱা কৰ’নাৰ চিকিৎসাৰ এটা বিশেষ সঁজুলিয়ে এতিয়া সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ উল্লেখ্য যে তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আৰু শিক্ষকৰ প্ৰযত্নত নিমাৰ্ণ সম্পূৰ্ণ হৈছে প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ভেণ্টিলেটৰৰ৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ বৈদ্যুতিন প্ৰকৌশল বিভাগৰ উদ্যোগত এই প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ভেণ্টিলেটৰৰ আৰ্হিয়ে এতিয়া চমকপ্ৰদ উদ্ভাৱনা শক্তি প্ৰকট কৰা পৰিস্ফুট হৈছে৷ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ১৯৮৮ চনত উত্তীৰ্ণ ইঞ্জিনিয়াৰিং মহাবিদ্যালয়ৰ সদ্য ২০২১ চনত গঠিত ‘প্ৰাক্তন বিদ্যাৰ্থী সন্মিলন’ৰ উদ্যোগত গঠিত সংস্থা ‘এ ই এছ ক্লাছ ৮৮’ৰ উদ্যোগত গঠিত এক প্ৰকল্প আঁচনিৰ ফলতেই ইতিমধ্যে নিমাৰ্ণ সম্পূৰ্ণ হৈছে এই ভেণ্টিলেটৰৰ৷ বিশ্ববিদ্যালয়খনৰ বিহোং মুছাহাৰী, অংকিত ৰাজ, মনীষ কুমাৰ, অংকিত দাসৰ নেতৃত্বত এটা অভিযন্তাৰ দলে ইলেক্‌ট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ প্ৰাক্তন অতিথি অধ্যাপক চিৰঞ্জিত অধিকাৰী আৰু একেটা বিভাগৰে অতিথি অধ্যাপক ফিৰদোচা আহমেদৰ তত্ত্বাৱধানত এই প্ৰকল্পৰ কাৰ্যকৰী কৰাৰ বাবে ইয়াৰ সম্পৰীক্ষাৰ বাবে সাজু হৈছে৷ সম্ভাৱনাপূৰ্ণ এই প্ৰকল্পটোৰ পৰ্যবেক্ষণ কৰিছে বিশ্ববিদ্যালয়খনৰ ইলেক্‌ট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী অধ্যাপক সৌমিক ৰয়ে৷ মন কৰিবলগীয়া যে প্ৰকল্পটোৰ জৰিয়তে এটি ‘অম্বু বেগ’ তৈয়াৰ কৰা হৈছে, যাৰ দ্বাৰা শ্বাস-প্ৰশ্বাসৰ বাবে প্ৰয়োজনীয় বায়ু চালচলনৰ গতি নিয়ন্ত্ৰিত কৰাৰ যোগেদি এটা অত্যন্ত উপযোগী ভেণ্টিলেটৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা হৈছে। এই ‘অম্বু বেগ’ হৈছে এটা হস্তচালিত ভেণ্টিলেটৰ, যাক শ্বাস-প্ৰশ্বাসজনিত কষ্টত ভোগা ৰোগীৰ বাবে সহজেই ব্যৱহাৰ কৰিব পৰা যাব৷ এই প্ৰকল্পটোৰ পৰ্যবেক্ষক বিশ্ববিদ্যালয়খনৰ ইলেক্‌ট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী অধ্যাপক সৌমিক ৰয়ে জানিবলৈ দিয়া মতে, প্ৰকল্পটো অৰ্থাৎ ভেণ্টিলেটৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠাৰ পাছতো কৰ’না মহামাৰীৰ বাবে বিশ্ববিদ্যালয় বন্ধ থকাৰ লগতে কৰ’না সংক্ৰমণ বৃদ্ধিৰ বাবে ইয়াৰ ক্লিনিকেল পৰীক্ষা সম্পন্ন কৰাৰ পৰা বিৰত থাকিবলগা হৈছে৷ মাত্ৰ আঠৰ পৰা পোন্ধৰ হাজাৰ টকা ব্যয়সাপেক্ষ এই ভেণ্টিলেটৰে বৰ্তমান সময়ত কভিড ৰোগীসকলক বিশেষভাৱে উপকৃত কৰিব আৰু স্বাভাৱিকতে সৰ্বসাধাৰণ লোকসকলে এই ভেণ্টিলেটৰ ব্যক্তিগতভাৱে ঘৰতে ৰাখি ব্যৱহাৰ কৰিব পাৰিব৷ উল্লেখ্য যে  কৰ’না মহামাৰীৰ এই বিভীষিকাময় পৰিৱেশত জনসাধাৰণক আতংকিত কৰি অহাৰ সময়তে তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ এই চমকপ্ৰদ উদ্ভাৱনে ৰাজ্যবাসীৰ লগতে স্বাস্থ্য খণ্ডলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here