চজিনাৰ পাতত এনে কি উপকাৰী গুণ আছে?

0
2056
ফাগুন-চ’ত মাহত আমাৰ খেতিডৰাত কৰা প্ৰায়ভাগ পাচলি যেনে– কবি, মূলা, বিলাহী আদি ক্ৰমান্বয়ে কমি আহিবলৈ ধৰে৷ তেনে সময়তে বজাৰত আহিছে চজিনা। কিন্তু আমি প্ৰায়ভাগেই হয়তো নাজানো যে চজিনাৰ উপৰি ইয়াৰ পাতৰো আছে অনেক ঔষধি গুণ৷ পুষ্টিগুণেৰে সমৃদ্ধ চজিনাৰ পাতৰ এনে কি উপকাৰিতা আছে জানো আহক–

চজিনা পাতৰ আছে ঈৰ্ষণীয় উপকাৰিতা৷ নিয়মিত চজিনাৰ পাতৰ গুৰি খালে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অস্বাভাৱিকভাৱে বৃদ্ধি পাব৷ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ি যোৱা মানে আপোনাৰ শৰীৰে যিকোনো ৰোগৰ বিৰুদ্ধে যুঁজ কৰাৰ সামৰ্থ্য লাভ কৰা৷ সেইবাবে চজিনাৰ পাত খাদ্য-তালিকাত ৰখাটো খুবেই জৰুৰী৷ চজিনাৰ পাতত প্ৰচুৰ পৰিমাণে ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-ই, প্ৰ’টিন, লো, কেলচিয়াম, আইৰন, ফচফৰাছ, ফাইটোকেমিকেলছ আদি উপাদান থাকে৷ ইউ এছ ডি এৰ মতে প্ৰতি ১০ গ্ৰাম চজিনাৰ পাতত ১৫০ মিলিগ্ৰাম কেলচিয়াম, ২ মিলিগ্ৰাম আইৰন, ১৬০ মিলিগ্ৰাম পটাচিয়াম আৰু ৩ গ্ৰাম প্ৰ’টিন থাকে৷ আন যিকোনো প্ৰকাৰৰ খাদ্যৰ সৈতে চজিনাৰ পাতৰ তুলনা কৰিলে দেখা যায় যে চজিনাৰ পাতে বেছি পুষ্টি সৰবৰাহ কৰে৷ চজিনাৰ পাতত কমলাতকৈও বেছি ভিটামিন-চি পোৱা যায়, আকৌ গাজৰতকৈ বেছি পৰিমাণৰ ভিটামিন-এ চজিনাৰ পাতত পোৱা যায়৷ ইয়াৰ উপৰি চজিনাৰ পাতত ৯ টা আৱশ্যকীয় এমিন’ এচিড পোৱা যায়, যি এক বিৰল দৃষ্টান্ত৷ চজিনাৰ পাতত এণ্টিমাইক্ৰ’বিয়েল, এণ্টিইনফ্লেমেটৰি আৰু এণ্টিঅক্সিডেণ্ট যথেষ্ট মাত্ৰাত পোৱা যায়, যিয়ে আপোনাৰ কৰ্মদক্ষতা বঢ়োৱাৰ লগতে শৰীৰটো শক্তিশালী কৰি ৰখাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here