জানি থওক ছজিনাৰ আচৰিত উপকাৰিতা

0
1089

ছজিনা বুলি ক’লে তাক নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই ।  প্ৰাপ্ত তথ্য অনুসৰি ছজিনাৰ চৈধ্যবিধ প্ৰজাতি আছে । তাৰে মাথোঁ দুটা প্ৰজাতিহে ভাৰতবৰ্ষ আৰু হিমালয় পৰ্বতমালাৰ পাদদেশসমূহত পোৱা যায় । বাকী এঘাৰটা প্ৰজাতি আফ্ৰিকা মহাদেশৰ বিস্তৃত অঞ্চলত উপলব্ধ । ছজিনাৰ বৈজ্ঞানিক নাম Moringa Oleifera  । অসমীয়া ভাষাত প্ৰচলিত নাম হ’ল- ছজিনা, চজনা, তাৰে এবিধক ৰজিনা বুলিও কয় । চজিনাৰ ফল, পাত, শিপা, ছাল, ফুল, গুটি সকলোবিধেই উপকাৰী । মানুহৰ বিভিন্ন প্ৰকাৰৰ দৈহিক অসুস্থতা নিৰাময়ৰ ক্ষেত্ৰত ই মহৌষধস্বৰুপ । ইয়াৰ ব্যৱহাৰে মধুমেহ, হৃদৰোগ, ৰক্তাল্পতা, যকৃতৰ ৰোগ, শ্বাস- প্ৰশ্বাসজনিত সমস্যা, চৰ্মৰোগ, পাকস্থলীৰ ৰোগ, গাঁঠিৰ বিষ আদি ৰোগত সুফল লাভ কৰিব পাৰি । তদুপৰি ই এণ্টি-ইনফ্লেমেটৰী, এণ্টি-অক্সিডেণ্ট আৰু কোষৰ সুৰক্ষাকাৰী হিচাপেও সমাদৃত ।চজিনাৰ পাত নিয়মিতভাৱে খাব পাৰিলেও যথেষ্ট উপকাৰ পোৱা যায় । ছজিনাৰ পাত কেঁচা বা শুকান উভয় অৱস্থাতে খাব পাৰি । অৱশ্যে ছজিনাৰ পাতৰ কেঁচা বা শুকান এই দুই অৱস্থাত লাভ কৰা উপকাৰৰ মাত্ৰা সুকীয়া সুকীয়া । ১০০ গ্ৰাম গাজৰত যিমান পৰিমাণৰ খাদ্যপ্ৰাণ-ক পোৱা যায়, তাতকৈ ১০ গুণ বেছি পোৱা যায় সম-পৰিমানৰ ছজিনাৰ শুকান পাতত । ১০০ গ্ৰাম সুমথিৰা টেঙাত যিমান পৰিমানৰ খাদ্যপ্ৰাণ-গ পোৱা যায়, তাতকৈ দুগুণ বেছি পোৱা যায় সম-পৰিমাণৰ ছজিনাৰ শুকান পাতত ।১০০ গ্ৰাম গাখীৰত যিমান পৰিমানৰ কেলচিয়াম পোৱা যায়, তাতকৈ ১৭ গুণ বেছি পোৱা যায় । ১০০ গ্ৰাম কলত যিমান পৰিমানৰ পটাছিয়াম পোৱা যায়, তাতকৈ ১৫ গুণ বেছি পোৱা যায় সম-পৰিমাণৰ ছজিনাৰ শুকান পাতত ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here