চকু (Eye)ৰ কেনেকৈ যতন ল’ব পাৰি ?

0
1837

মানৱ দেহৰ পঞ্চ ইন্দ্ৰিয়ৰ ভিতৰত এটা অপৰিহাৰ্য ইন্দ্ৰিয় হৈছে চকু৷ আমাৰ চকু দুটা কেমেৰাৰ দৰে৷ চকুৰে দেখা প্ৰণালীটোক Binocular vision বুলিও কোৱা হয়৷ আমাৰ চকুযুৰিক ইয়াৰ ওপৰত থকা চেলাউৰিয়ে এক আচ্ছাদন তৈয়াৰ কৰি কপালৰ পৰা ওলোৱা ঘাম আৰু আন কোনো ধূলি-মাকতিৰ পৰা সুৰক্ষা দিয়ে৷ ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি জিৰণি নোলোৱালৈকে আমাৰ চকুযুৰিক অনৰ্গল ব্যস্ত কৰি ৰাখো৷ প্ৰযুক্তিগত দিশত ব্যস্ত থকাৰ ফলত আমি চকুৰ জিৰণিৰ কথা পাহৰি পেলাওঁ৷ এনে ক্ষেত্ৰত চকুযুৰি বিভিন্ন বিকাৰৰ চিকাৰ হয়৷ সাধাৰণতে কেইবিধমান বিশেষ ৰোগে চকুৰ সমস্যাৰ সৃষ্টি কৰে৷ হাইপাৰমেট্ৰ’পিয়া [Hypermetropia], মায়’পিয়া [Miopia], গ্লুক’মা [Glaucoma], কেটাৰেক্ট বা ছানি পৰা [Cataract], কুকুৰীকণা [Night blinder], বৰ্ণান্ধতা[Colour blindness] আদি৷ ওচৰৰ বস্তু পৰিষ্কাৰকৈ নেদেখা কিন্তু দূৰৰ বস্তু দেখা পোৱা সমস্যাবিধ হৈছে হাইপাৰমেট্ৰ’পিয়া৷ আনহাতে মায়’পিয়াত ভোগা ৰোগীয়ে ওচৰৰ বস্তু পৰিষ্কাৰকৈ দেখা পায়, কিন্তু দূৰৰ বস্তু ভালদৰে মণিব নোৱাৰে৷ গ্লুক’মা হ’লে ৰোগীসকল সাৱধান হোৱাটো প্ৰয়োজনীয়, কাৰণ সঠিক সময়ত চিকিৎসকৰ পৰামৰ্শ নল’লে অন্ধ হৈ যোৱাৰ সম্ভাৱনা থাকে৷ ৰঙৰ ক্ষেত্ৰত পাৰ্থক্য বিচাৰি নোপোৱা হ’লে বৰ্ণান্ধতা ৰোগ আৰু কম পোহৰত নেদেখা হ’লে কুকুৰীকণা ৰোগ হয়৷ চকু নিৰোগী কৰি ৰাখিবলৈ উপযুক্ত আহাৰ গ্ৰহণ কৰাটো প্ৰয়োজন৷ ভিটামিন এ, ভিটামিন কে, লিউটিন আদি প্ৰচুৰ পৰিমাণে গ্ৰহণ কৰিব লাগে৷ সেউজীয়া শাক-পাচলি বিশেষকৈ গাজৰ খোৱাটো খুবেই জৰুৰী৷ বহু সময় ধৰি কম্পিউটাৰ চাই থকাৰ পাছত পাঁচ মিনিট সময় চকু দুটাক জিৰণি দিয়াটো খুবেই প্ৰয়োজন৷ পৰাপক্ষত চকুৰ ব্যায়াম কৰাটো ভাল৷ এইদৰে ব্যায়াম কৰাৰ ফলত চকুযুৰি সতেজ হয়৷ চকুৰ তলত পৰা ক’লা দাগ আদি দূৰ কৰিবলৈ আমি কমেও আঠ ঘণ্টা সময় টোপনি যোৱাটো উচিত৷ তিঁয়হৰ টুকুৰাৰ সৰু সৰু চকল চকুযুৰিত লেপন হিচাপে লগালেও সতেজ হৈ থাকে৷ কেতিয়াবা চকুত ধূলি-মাকতি পৰিলে কেতিয়াও মোহাৰিব নালাগে, তাৰ পৰিৱৰ্তে পৰিষ্কাৰ পানীৰে চকুটো ধুই দিব লাগে৷ এনে কৰিলে চকুৰ সংক্ৰমণৰ পৰা হাত সাৰিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here