ঘৰৰ ভিতৰত এইকেইবিধ উদ্ভিদ ৰাখক (Grow these plants inside your house)

0
386
     আজিকালি সকলোৱে ড্ৰয়িংৰূমত শোভাবৰ্ধনৰ কাৰণে বিভিন্ন প্ৰজাতিৰ ফুল, উদ্ভিদ ৰাখে৷ কিন্তু আমি জনা উচিত যে এই উদ্ভিদসমূহ পৰা অকল যে শোভাবৰ্ধনেই হয়, তেনে নহয়৷ ইয়াৰ পৰা আমি অক্সিজেনো পাওঁ৷ প্ৰকৃতিয়ে যিহেতু আমাৰ সকলো সমস্যাৰ সমাধা কৰে, সেয়েহে শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভোগা লোকসকল উপকৃত হ’বৰ বাবে ঘৰৰ ভিতৰত কিছুমান উদ্ভিদ ৰখা ভাল৷ ঘৰৰ ভিতৰত সকলোধৰণৰ উদ্ভিদ ৰাখিব নোৱাৰি৷ কম পোহৰত জীয়াই থকা, দিনৰ পোহৰত সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে অক্সিজেন প্ৰস্তুত কৰা, বায়ু শুদ্ধ কৰা উদ্ভিদে শ্বাস-প্ৰশ্বাসত ভোগা লোকসকলক উপকৃত কৰিব পাৰে৷ ঘৰৰ ভিতৰত কি উদ্ভিদ ৰাখিব জানি থওক৷

(১) স্পাইডাৰ প্লাণ্ট– ঘৰৰ ভিতৰত অতি সহজে পোৱা এবিধ উদ্ভিদ হৈছে স্পাইডাৰ প্লেণ্ট৷ বায়ুৰ পৰা এইবিধ উদ্ভিদে ফৰ্মেলডিহাইড আৰু জাইনেলনৰ দৰে দূষিত পদাৰ্থ শোষণ কৰিব পাৰে৷

Spider Plants: How to Grow and Care for Spider Plants | The Old Farmer's Almanac


(২) মানি প্লেণ্ট– প্ৰায় সকলো মানুহৰে ঘৰত সহজে দেখিব পোৱা এবিধ উদ্ভিদ হৈছে মানি প্লেণ্ট৷ এইবিধ লতাজাতীয় প্লেণ্টে অতি সহজে ঘৰৰ ৱাল বা গছত বগাব পাৰে৷ বিশুদ্ধ অক্সিজেন যোগান ধৰাত এইবিধ উদ্ভিদ অন্যতম৷

Money Plant at Rs 30/plant | Poonamallee | Chennai| ID: 12875859762


(৩) পিচ লিলি– পিচ লিলি বা স্পেথিফাইলামে বেনজিন, ফৰ্মেলডিহাইড, এম’নিয়া আদিকে ধৰি বেছিভাগ প্ৰদূষক বায়ুৰ পৰা শোষণ কৰিব পাৰে৷ অৱশ্যে মনত ৰখা ভাল যে এই গছৰ পাতে শিশু বা পোহনীয়া জন্তুৰ শৰীৰত বিষক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে৷

PEACE LILY (SPATHIPHYLLUM) CARE & GROWING TIPS / JOY US GARDEN - YouTube


(8) আইভি ক্ৰীপাৰ– বহু লোকে এই গছবিধ ঘৰৰ দেৱালত ৰোপণ কৰে৷ সাধাৰণতে গ্ৰীষ্মপ্ৰধান ঠাইত এইবিধ উদ্ভিদ ঘৰৰ ভিতৰত ৰাখিলে উপকাৰ পোৱা যায়৷ এইবিধ উদ্ভিদে বায়ু পৰিষ্কাৰ কৰে৷

Boston Ivy | Vines & Climbers | Great Garden Plants


(৫) পাৰ্লাৰ পাম– পাৰ্লাৰ পাম ঘৰৰ ভিতৰৰ বায়ু বিশুদ্ধ কৰাত আটাইতকৈ উপযোগী৷ লেডী পাম বা বাম্বু পামো এই ক্ষেত্ৰত যথেষ্ট সহায়কাৰী৷

Parlor Palm | Ansel & Ivy - Premium Potted Plants, Delivered

LEAVE A REPLY

Please enter your comment!
Please enter your name here