ঘৰতে তৈয়াৰ কৰক হালধিৰ ট’নাৰ (Prepare Turmeric Toner at home)

0
535
ছালখনৰ সুৰক্ষাৰ বাবে স্কীন কেয়াৰ ৰুটিন অনুসৰণ কৰাটো খুবেই প্ৰয়োজন৷ এই স্কীন কেয়াৰ ৰুটিনৰ অন্যতম হৈছে ট’নিং৷ ট’নাৰে ছালখন চাফা কৰাৰ লগতে ছালৰ ছিদ্ৰসমূহ সৰু কৰাত সহায় কৰে৷ অকল এয়াই নহয়, ছালখন হাইড্ৰাইট কৰি ৰখা তথা মইশ্বৰাইজ কৰি ৰখাত ই উপযোগী৷ সেয়েহে ছালখনৰ সুৰক্ষাৰ বাবে ট’নিং কৰাটো খুব ভাল৷ এতিয়া কথা হ’ল আপুনি কেনেধৰণৰ ট’নাৰ ব্যৱহাৰ কৰিব? আজিকালিতো বজাৰত বিভিন্ন ধৰণৰ ট’নাৰ পোৱা যায়, কিন্তু আপুনি যদি ঘৰতে প্ৰাকৃতিক সামগ্ৰীৰে ট’নাৰ প্ৰস্তুত কৰি ব্যৱহাৰ কৰে, তেন্তে ই আপোনাৰ খৰচ কমোৱাৰ লগতে ছালখনৰ বাবেও যথেষ্ট উপযোগী৷

এই ক্ষেত্ৰত হালধি বিশেষভাৱে কাৰ্যকৰী৷ হালধিৰ ট’নাৰ প্ৰস্তুত কৰিবলৈ আপোনাক লাগিব কেঁচা হালধিৰ পেষ্ট, এলোভেৰা জেল, এচামুচ গ্ৰীন টী, গোলাপ জল আৰু নেমুৰ ৰস৷

Spray Turmeric Rice Water Toner on Face Every Night & get Clear Skin | Dark spots & Skin Brightening - YouTube

প্ৰথমে এগিলাচ পানী গৰম কৰি লওক৷ এতিয়া পানীখিনি ঠাণ্ডা হোৱাৰ পাছত এই গোটেইখিনি সামগ্ৰী তাত মিশ্ৰণ কৰি দিয়ক৷ মিশ্ৰণখিনি এটা কাচৰ পাত্ৰত ৰাখি ফ্ৰীজত ভৰাই থওক৷ এনেদৰে প্ৰস্তুত হ’ল আপোনাৰ হালধিৰ ট’নাৰ৷ মনত ৰাখিব এই ট’নাৰ প্লাষ্টিকৰ বটলত নাৰাখিব৷ লগতে সদায় মুখ ধুইহে ট’নাৰ ব্যৱহাৰ কৰিব৷ এনেদৰে প্ৰস্তুত কৰা ট’নাৰ আপুনি ১৫ দিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here