ঘূৰ্ণি বতাহ ‘টৌকতে’ই তাণ্ডৱৰ সৃষ্টিৰ আশংকা

0
765

দেশে এটা সংকটৰ পাছত আন এটা সংকটৰ মুখামুখি হ’বলগীয়া হৈছে৷ দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণে সৃষ্টি কৰা সংকটৰ সময়তে দক্ষিণ আৰব সাগৰৰ লাক্ষাদ্বীপপুঞ্জত সৃষ্টি হোৱা নিম্নচাপে কম সময়ৰ ভিতৰতে ঘূৰ্ণি বতাহৰ ৰূপ লোৱাৰ সম্ভাৱনা আছে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগ চমুকৈ আই এম ডিৰ মতে, অহা ২৪ ঘণ্টাৰ ভিতৰত এই নিম্ন চাপে ঘূৰ্ণি বতাহৰ ৰূপ ল’ব৷ ঘূৰ্ণি বতাহজাকে উত্তৰ-পশ্চিম গুজৰাট আৰু পাকিস্তানৰ উপকূল অঞ্চলৰ দিশত গতি কৰাৰ সম্ভাৱনা আছে৷ ম্যানমাৰে এই ঘূৰ্ণি বতাহজাকৰ নাম ‘টৌকতে’ দিছে৷ আই এম ডিয়ে মহাৰাষ্ট্ৰ, কেৰালা আৰু গুজৰাটৰ কিছুমান অঞ্চলত বিশেষকৈ উপকূলীয় অঞ্চলত ধাৰাসাৰ বৰষুণ হ’ব পাৰে বুলি ৰে’ড এলাৰ্ট জাৰি কৰিছে৷ আই এম ডিৰ মতে, অহা ১২ ঘণ্টাৰ ভিতৰত টৌকতেৰ গতি অধিক বৃদ্ধি পাব৷ ১৮ মে’ৰ পুৱা গুজৰাট উপকূলত ই খুন্দা মৰাৰ সম্ভাৱনা আছে৷ আই এম ডিয়ে তামিলনাডু আৰু গোৱাতো ধাৰাসাৰ বৰষুণ হ’ব পাৰে বুলি সতৰ্ক কৰি দিয়ে৷ ইফালে কৰ্ণাটক, তামিলনাডু, গুজৰাট কেৰালা আৰু মহাৰাষ্ট্ৰ উপকূলীয় অঞ্চলবোৰত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ এন ডি আৰ এফৰ ৫৩টা দল মোতায়েন কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here