ঘিউৰে চুলিৰ যতন কেনেকৈ ল’ব?

0
1904


সুস্বাদু-পুষ্টিকৰ খাদ্যৰ ভিতৰত ঘিউ অন্যতম৷ যিকোনো খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ বাবে ঘিউ ব্যৱহাৰ কৰা হয়৷ পৃথিৱীৰ প্ৰায়বোৰ দেশৰ মানুহৰ খাদ্য তালিকাত ঘিউক খাদ্যৰ ৰজা হিচাপে সন্নিৱিষ্ট কৰা হৈছে৷ ঘিউ স্বাস্থ্যৰ কাৰণে অতি উপকাৰী৷ কিছুমান লোকে ওজন বৃদ্ধি হোৱাৰ ভয়ত ঘিউ খাব নিবিচাৰে৷ কিন্তু আচলতে ঘিউত থকা ফেটি এচিডে আমাৰ শৰীৰত থিতাপি লোৱা অলাগতিয়াল চৰ্বি দহন কৰি শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে৷ অৱশ্যে কাৰ্বহাইড্ৰেটযুক্ত খাদ্যৰ লগত ঘিউ সেৱন কৰিলে ওজন বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে৷ স্বাস্থ্যৰ লগতে সৌন্দৰ্য ধৰি ৰখাটো ঘিউৰ অৱদান উল্লেখনীয়৷ চুলিৰ যতনত ঘিউৱে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷ ঘিউৰ ব্যৱহাৰে আপোনাৰ চুলিকোছাৰ সৌন্দৰ্য বৃদ্ধি কৰিব পাৰে৷ আয়ুৰ্বেদ শাস্ত্ৰ মতে ঘিউক প্ৰাকৃতিকভাৱে মূৰৰ ছাল মালিচ কৰাত ব্যৱহাৰ কৰিব পাৰি৷ ঘিউৰে চুলিৰ গুৰি মালিচ কৰিলে চুলিৰ গুৰি মজবুত হয়৷ ঘিউ ব্যৱহাৰ কৰি চুলি সৰা বন্ধ কৰিব পাৰি৷

গতিকে চুলিৰ যতনত ঘিউক কেনেদৰে ব্যৱহাৰ কৰিব পাৰি জানো আহক–


(১) দীঘল চুলিৰ বাবে– ঘিউত আমলখি বা পিঁয়াজৰ ৰস মিশ্ৰণ কৰি চুলিত মালিচ কৰিছে চুলি দীঘল হয়৷


(২) চুলিৰ উজ্জ্বলতাৰ বাবে– ঘিউ অলপ কুহুমীয়া গৰম কৰি কিছুপৰ চুলিত মালিচ কৰিব লাগে৷ তাৰ পাছত নেমুৰ ৰস লগাই অলপ সময় ৰাখি ধুই দিলে চুলিৰ উজ্জ্বলতা বৃদ্ধি পায়৷


(৩) উফিৰ সমস্যাত– উফিৰ সমস্যা হ’লে চুলিৰ গুৰিত ঘিউ আৰু বাদাম তেলৰ মিশ্ৰণেৰে মাছাজ কৰিব লাগে৷


(৪) চুলিৰ মসৃণতা বৃদ্ধিত– ঘিউক জলফাই তেলৰ লগত মিশ্ৰণ কৰি চুলিত লগালে চুলিকোছাৰ মসৃণতা বৃদ্ধি পায়৷


(৫) ফটা চুলি– চুলি ফাটিলে চুলিৰ বৃদ্ধিত বাধা আহিব পাৰে আৰু লাহে লাহে চুলিকোছাৰ উজ্জ্বলতাও হ্ৰাস পাব ধৰে৷ এনে ক্ষেত্ৰত ঘিউৰে ফটা অংশত মালিচ কৰিব লাগে৷ এনেদৰে কৰিলে চুলি ফটা বন্ধ হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here