ঘনাই ওঁঠ শুকাই যায় নেকি? হ’ব পাৰে ডিহাইড্ৰেশ্যন

0
2210
গৰমৰ দিনত ডিহাইড্ৰেশ্যন হোৱাটো স্বাভাৱিক কথা৷ সূৰ্যৰ প্ৰখৰ তাপৰ ফলত শৰীৰৰ পৰা অত্যধিক ঘাম বাহিৰ হোৱা বাবে দেহত পানীৰ পৰিমাণ কমিবলৈ ধৰে৷ ডিহাইড্ৰেশ্যন হ’লে বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব পাৰে৷ তাৰ ভিতৰত ব্লাড প্ৰেছাৰ কমি যোৱা, উশাহৰ গতি দীঘল হোৱা, ঘনাই ওঁঠ, জিভা শুকাই যোৱা, মূৰৰ বিষ, মাংসপেশীৰ বিষ, সঘনাই পানীৰ পিয়াহ লগা, ভাগৰ, দুৰ্বলতা আদিয়েই প্ৰধান৷ সেয়েহে ডিহাইড্ৰেশ্যনৰ পৰা হাত সাৰি থাকিবলৈ প্ৰচুৰ পৰিমাণে পানী খোৱা উচিত৷ ইয়াৰ উপৰি আপুনি ঘৰতে কিছু উপায় অৱলম্বন কৰি ডিহাইড্ৰেশ্যনৰ পৰা পৰিত্ৰাণ পাব পাৰে৷

(১) আধা চামুচ চফ এক লিটাৰ পানীত উতলাই ঠাণ্ডা হোৱাৰ পাছত দিনে তিনি-চাৰিবাৰমান খালে সুফল লাভ কৰিব পাৰি৷

Drinking Fennel Seeds Water Everyday Can Benefit You In 8 Ways


(২) তুলসীৰ ৰস দুটোপালমান একাপ পানীৰ লগত মিশ্ৰণ কৰি সেৱন কৰিলে ডিহাইড্ৰেশ্যনৰ পৰা মুক্তি লাভ কৰিব পাৰি৷ তুলসীৰ ঔষধি গুণে শৰীৰটোৰ তাপমাত্ৰা ঠাণ্ডা কৰি ৰখাত সহায় কৰে৷

Drink,Holy Basil Tulsi Leaves Ocimum Sanctum With Glass Of Juice Wonderful Medicine Stock Photo, Picture And Royalty Free Image. Image 85785632.


(৩) ডিহাইড্ৰেশ্যন হ’লে নিমখ আৰু চেনি পানীত মিশ্ৰণ কৰি খালেও উপকাৰ পাব পাৰি৷

Solubility ( Read ) | Chemistry | CK-12 Foundation


(8) কুঁহিয়াৰৰ ৰসত প্ৰচুৰ পৰিমাণে আইৰন, মেগনেচিয়াম, পটাচিয়াম আৰু অন্যান্য ইলেকট্ৰলাইট্‌ছ পোৱা যায়, যিয়ে আমাৰ শৰীৰটোক ডিহাইড্ৰেশ্যন হোৱাৰ পৰা ৰক্ষা কৰে৷

Sugarcane Juice - Complete Information Including Health Benefits, Selection Guide and Usage Tips - GoToChef


(৫) ডাব নাৰিকলৰ পানীয়ে আমাৰ শৰীৰত ইলেকট্ৰলাইট্‌ছ পুনৰ ভৰ্তি হোৱাত সহায় কৰে৷ ফলত আমাৰ শৰীৰত পানীৰ পৰিমাণৰ সমতা স্থাপন হৈ ডিহাইড্ৰেশ্যন নিৰাময় কৰে৷

Coconut Juice Recipe, How to make Coconut Juice Recipe - Vaya.in

LEAVE A REPLY

Please enter your comment!
Please enter your name here